NORTHEAST NOW (Assamese)

চালানী গামোচাৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনৰ অভিযান; ২ শতাধিক গামোচা জব্দ

April 10, 2018 7:43 pm · উত্তম শইকীয়া

ৰঙালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বজাৰ ভৰি পৰিছে বাহিৰৰ পৰা অহা গামোচাৰে। আন আন ঠাইৰ লগতে বোকাখাতৰো কাপোৰৰ দোকান এতিয়া চালানী গামোচাৰে উভৈনদী হৈ পৰিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বোকাখাত মহকুমা প্রশাসনে হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ বোৱনী সম্প্ৰসাৰণ কেন্দ্র বোকাখাতৰ সৈতে যুটীয়াভাৱে চহৰখনৰ কেইবাখনো কাপোৰৰ দোকানত অভিযান চলায় ।

বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ নেতৃত্বত যোৱা এটি দলে বোকাখাত চহৰৰ মাজ-মজিয়াত থকা প্ৰতিখন কাপোৰৰ দোকানতে অভিযান চলাই বিক্ৰীৰ বাবে ৰখা ২ শতাধিক চালানী গামোচা জব্দ কৰে ।

অভিযান কালত বোকাখাতৰ ৰাজহচক্ৰ বিষয়া খনীন্দ্ৰ কুমাৰ দাসে বহিঃৰাজ্যৰ পৰা অনা গামোচা বিক্ৰী কৰিলে বিক্রেতাৰ বিৰুদ্ধে প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি ব্যৱসায় প্ৰতিষ্ঠান সমুহৰ গৰাকীসকলক সকীয়নি দিয়াৰ লগতে কাপোৰৰ ব্যৱসায়ীসকলক থলুৱা গামোচাৰ বাবে হস্ততাঁত-বস্ত্রশিল্প বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ নির্দেশ দিয়ে ।

আজিৰ এই অভিযান কালত সহকাৰী আয়ুক্ত শান্তনু গগৈ, হস্ততাঁত বস্ত্র শিল্প বিভাগৰ পৰিদৰ্শক পল্লব শইকীয়া আৰু হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ প্ৰদৰ্শক জুৰি শইকীয়াও উপস্থিত আছিল।

Related News