NORTHEAST NOW (Assamese)

চালানী মাছৰ ওপৰত নিষেধাজ্ঞা জাৰিৰ বাবে সাজু মেঘালয় চৰকাৰ

July 17, 2018 1:20 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিষাক্ত ফৰ্মেলিনযুক্ত চালানী মাছ বিক্ৰীৰ বাবে অসম চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পাছতে এতিয়া মেঘালয় চৰকাৰেও এনেধৰণৰ ফৰ্মেলিনযুক্ত চালানী মাছৰ আমদানী বন্ধ কৰিবলৈ যোজা কৰা পৰিলক্ষিত হৈছে। চৰকাৰীভাৱে এতিয়ালৈকে চালানী মাছৰ আমদানী নিষিদ্ধ কৰা নাই যদিও বুধবাৰে এই সম্পৰ্কে নিষেধাজ্ঞা জাৰি কৰাৰ পূৰ্ণ সম্ভাৱণা আছে।

উল্লেখযোগ্য যে দ্বিতীয় বাৰৰ বাবে  চালানী মাছত বিষাক্ত ফৰ্মেলিন ধৰা পৰাৰ পাছতে এতিয়া মেঘালয় চৰকাৰে আমদানীকৃত মাছৰ ওপৰত নিষেধাক্ষা জাৰি কৰাৰ পোষকতা কৰিছে।

অসমৰ দৰে মেঘালয়েও মূলতঃ অন্ধ্ৰপ্ৰদেশৰ পৰাই সৰহ সংখ্যক মাছ আমদানী কৰে।

মেঘালয়ৰ খাদ্য সুৰক্ষাৰ আয়ুক্তই চালানী মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

এই সম্পৰ্কত মেঘালয়ৰ মীন বিভাগৰ মন্ত্ৰী কামিঙৱান য়িমবনে কয়, ‘চালানী মাছৰ নমুনা পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰু এই নমুনাৰ ফলাফল বুধবাৰে ওলাব। আৰু ইয়াৰ পাছতে চালানী মাছ সম্পৰ্কত আমি কি সিদ্ধান্ত গ্ৰহণ কৰো সেয়া ৰাজহুৱা কৰিম’।

উল্লেখযোগ্য যে মেঘালয়ত প্ৰতিবছৰে ১২ হাজাৰ মেট্ৰিক টন মাছ উৎপাদন হয় যদিও চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাহিৰৰ পৰা ৯ হাজাৰ মেট্ৰিক টন মাছ আমদানী কৰা হয়।

Related News