চাহ বাগিচাৰ বিদ্যালয়তো চৰকাৰে যোগান ধৰিব বিনামূলীয়া পাঠ্যপুথি আৰু য়ুনিফৰ্ম

Representative-image-of-a-tea-garden-school.-570x320

প্ৰতিনিধিত্বমূলক ছবি

চলিত বৰ্ষৰ পৰা ৰাজ্যৰ চাহ বাগিচা এলেকাৰ বাগিচা পৰিচালকৰ দ্বাৰা নিয়ন্ত্ৰিত বিদ্যালয়সমূহত ৰাজ্য চৰকাৰে বিনামূলীয়া পাঠ্যপুথি আৰু য়ুনিফৰ্ম যোগান ধৰিব।

আজি দিচপুৰৰ জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ কাৰ্যলায়ত অনুষ্ঠিত প্ৰাথমিক শিক্ষা বিভাগৰ কাম কাজৰ এক পৰ্যালোচনা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই কথা জানিবলৈ মুখ্য মন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত লগতে কোৱা হয় যে অসমত বাগিচা পৰিচালকৰ অধীনত মুঠ ৪২৮ খন বিদ্যালয় আছে য’ত ৫৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

আজিৰ বৈঠকত পৌৰহিত্য কৰি মুখ্য মন্ত্ৰীয়ে শিক্ষা বিভাগক বিদ্যালয় সমূহত মাহেকত অতি কমেও এবাৰকৈ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত প্ৰত্যক্ষ মত-বিনিময় অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।

তদুপৰি সমগ্ৰ ৰাজ্যখনৰে প্ৰাথমিক বিদ্যালয় সমূহৰ য়ুনিফৰ্ম সাৰ্বজনীন কৰাৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে বাবেও তেওঁ আজিৰ বৈঠকত নিৰ্দেশ দিয়ে।

পৰ্যালোচনা সভাত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মুখ্য মন্ত্ৰীৰ উপদেষ্টা হৃষীকেশ গোস্বামী, মখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াকে ধৰি শিক্ষা বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।