চিকনি পথাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ দুৰৱস্থা : উদাসীন কৰ্তৃপক্ষ

Screenshot_20180719_190005

কলিয়াবৰ মহকুমা তথা যাওঁকটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত চিকনি পথাৰৰ এটা অতি গুৰুত্বপূৰ্ণ পথ হৈছে চিকনি পথাৰ আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটো। কলিয়াবৰৰ অতি গুৰুত্বপূৰ্ণ তথা অন্যতম ব্যস্ত এই পথটোত এতিয়া ঠায়ে ঠায়ে কেতবোৰ বোকাভৰ্তি পুখুৰীৰ সৃষ্টি হৈছে।

এই পথটোৰে দৈনিক অফিচ, স্কুল তথা চিকনি বৰহুলা, চিকনি গৰুবন্ধা ইত্যাদি গাঁৱলৈ লৈ অহা যোৱা কৰা লোকসকলৰ বাবে এই পথটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু পৰিতাপৰ কথা যে এই পথটোত এতিয়া দ’ গাঁতৰ সৃষ্টি হৈ এক  প্ৰকাৰ পুখুৰী সদৃশ হৈ পৰিছে। ইয়াৰ ফলত এই পথটোত বহু লোক দুৰ্ঘটনাত পতিত হৈছে। তথাপিও কাণ-সাৰ নাই গাওঁ পঞ্চায়তৰ কৰ্মচাৰী অথবা কলিয়াবৰ গড়কাপ্তানি বিভাগৰ।

আনহাতে উক্ত পথটোৰ লগতে আছে  চেণ্ট ৰবাৰ্ট হাইস্কুল, হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়কে ধৰি কেইবাখনো প্ৰাথমিক, মধ্য ইংৰাজী আৰু আৰু হাইস্কুল। এই শিক্ষানুষ্ঠানসমূহলৈ অহা ছাত্ৰ-ছাত্ৰীসকলে অতি কষ্টেৰে অহা-যোৱা কৰিবলগীয়া হয়। বৰষুণৰ বতৰত এই পথচোৱা ম’হৰ খুটিলৈ সলনি হৈ পৰে।

ৰোগীৰ বাবেও এতিয়া বিপদ মাতিছে পথটোৱে। কিয়নো এই পথত প্ৰৱেশ কৰিব নোৱাৰে চৰকাৰৰ বিনামূলীয়া ১০৮ মৃত্যুজ্ঞয় সেৱা কিম্বা আন এম্বুলেঞ্চ। মুমূৰ্ষ ৰোগীকৰোগীক ডাংকোলাকৈ অথবা ঠেলাৰে চিকিৎসালয়লৈ নিব লগা হয় বুলি স্থানীয় লোকে মন্তব্য কৰিছে।

পথটোৰ এই অৱস্থাৰ কথা বহু বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি অহা হৈছে যদিও এতিয়াও একো ফল নোপোৱাত এইবাৰ আমাৰ প্ৰতিবেদনৰ জৰিয়তে সুফল পোৱাৰ আশা ব্যক্ত কৰিছে চিকনি পথাৰৰ ৰাইজে।