চিট ফাণ্ড কেলেংকাৰীত ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীক চিবিআইৰ জেৰা

Tripura-MLA-Hostel-570x320

ত্ৰিপুৰাৰ বিধায়ক আৱাস য’ত বুধবাৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান বিধায়িকা বিজিতা নাথক চিবিআইয়ে জেৰা কৰে। ফটো : পিনাকি দাস

ৰোজ ভেলী চিট ফাণ্ড কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক বিজিতা নাথক বুধবাৰে চিবিআইয়ে দুঘন্টাতকৈয়ো অধিক সময় ধৰি জেৰা কৰে।

বিজিতাৰ অধিবক্তা হৰেভল দেৱ নাথে নিশ্চিত কৰিছে যে চিবিআইৰ দলটোৱে ৰোজভেলী চিটফাণ্ডৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ত তেওঁক বিভিন্ন প্ৰশ্ন কৰে।

যদিও বিজিতা নাথে এইক্ষেত্ৰত সংবাদ মাধ্যমক এৰাই চলে, তেওঁ নৰ্থ ইষ্ট নাওক  টেলিফোনত কয় যে তেওঁ ন বছৰ পূৰ্বে সমাজ কল্যাণ আৰু সামাজিক শিক্ষা বিভাগৰ মন্ত্ৰী থাকোতে যিকেইটা প্ৰশ্ন চিবিআইয়ে সুধিছিল সেই একেকেইটা প্ৰশ্নকে সুধিছে। এইবাৰ চিবিআইয়ে তেওঁৰ উত্তৰখিনি লিপিবদ্ধ কৰিছে।

ইয়াৰ আগেয়ে ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ ৰেৱতী মোহন দাসে কয়, ‘’ চিবিআইয়ে পত্ৰযোগে জনাইছে যে তেওঁলোকে দুগৰাকী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক বাদল চৌধুৰী আৰু বিজিতা নাথক জেৰা কৰিব। চিবিআইয়ে এইয়া মোক জনাইছিল। পত্ৰ পোৱাৰ লগে লগেই মই বাদল চৌধুৰী আৰু বিজিতা নাথক জনাইছিলো যে চিবিআইয়ে তেওঁলোকক জেৰা কৰিবলৈ আহি আছে আৰু তেওঁলোকে তদন্তত সহায় কৰা উচিত।‘’

‘’তেওঁলোকে উল্লেখ কৰিছে যে এই জেৰা ৰোজ ভেলী কেলেংকাৰীৰ লগত জড়িত। সম্ভৱত: বিত্তমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত বাদল চৌধুৰীয়ে এই সম্পৰ্কত কিছু বিষয় লৈ প্ৰতিবাদ কৰিছিল আৰু কি কাৰণে তেওঁ প্ৰতিবাদ কৰিছিল, এই সকলোবোৰকলৈ তেওঁক জেৰা কৰিব বুলি মোৰ ধাৰণা। মই যিমানদূৰ জানো নিজিতা নাথ ৰোজ ভেলীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু সেই গতিকে তেওঁক জেৰা কৰা হ‘ব,’’- দাসে লগতে কয়।

বৃহস্পতিবাৰে বাদল চৌধুৰীক জেৰা কৰা হ’ব।