চিপাঝাৰৰ চৰ অঞ্চল বেদখলমুক্ত কৰাৰ দাবী প্ৰব্ৰজন বিৰোধী মঞ্চৰ

চিপাঝাৰৰ চৰৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে তিনি সংগঠনৰ যৌথ সংবাদমেল

চিপাঝাৰৰ কুৰুৱা অঞ্চলৰ থলুৱা বাসিন্দাসকলৰ ওপৰত অবৈধ বেদখলকাৰী সকলে অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি আজি প্ৰবজন বিৰোধী মঞ্চ, সংগ্ৰামী সতীৰ্থ সন্মিলন আৰু দক্ষিণ-পশ্চিম গোৱাল সন্থাই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে।

সংগ্ৰামী সতীৰ্থ সন্মিলনৰ সভাপতি ৰমেশ বৰুৱাই কৰা অভিযোগ অনুসৰি ২০১৭ চনৰ ২১ নবেম্বৰৰ দিনা কুৰুৱা অঞ্চলৰ নিবাসী আনন্দ দাস নামৰ লোকজন নিজৰ মাটিৰ ধান চপাবলৈ যোৱা সময়তে অবৈধ বেদখলকাৰীৰ হত্যাৰ বলি হয়। আনহাতে এয়া এক উদাহৰণ বুলি কৈ এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা অবৈধ বেদখলকাৰী সকলে বহু দিন ধৰি চলাই অহাৰ অভিযোগ তোলে সংগঠনকেইটাৰ নেতৃবৃন্দই। ইয়াৰ উপৰি বহুদিন ধৰি অবৈধভাৱে চৰকাৰী মাটি দখল কৰি অহা অবৈধ বাসিন্দাসকলে গৰুৰ চোৰাং বেহা চলাই অহাৰ এক অভিযোগো তেওঁলোকে উত্থাপন কৰে।

জানিব পৰা মতে কুৰুৱা অঞ্চলৰ বাসিন্দাসকলে এই অবৈধ বেদখলকাৰীয়ে চলাই অহা অত্যাচাৰৰ বিষয়ে আৰক্ষীৰ ওচৰত অবগত কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। আনহাতে সংগঠন কেইটাৰ নেতৃবৰ্গই অবৈধ বিদেশী সকলক চৰ অঞ্চলত থাকিব দিয়াটো বিজেপি চৰকাৰৰ এক চক্ৰান্ত বুলি উল্লেখ কৰি কয় যে ‘’বাংলাদেশী মূলৰ মানুহক আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিবৰ বাবে বাজনাপথাৰৰ একাংশ বিজেপি কৰ্মী উঠি-পৰি লাগিছে। এইবোৰ কথাৰ বিৰোধিতা কৰা বাবে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা প্ৰবজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমণ্যু হাজৰিকা আৰু প্ৰচাৰ আহ্বায়ক আকাশ কলিতাৰ লগতে দক্ষিণ-পশ্চিম গোৱাল সন্থাৰ সম্পাদক সত্য ৰাজবংশীৰ বিৰুদ্ধে বিনা কাৰণত বেদখল কাৰীৰ লগ হৈ বিজেপি দলৰ কৰ্মকৰ্তাই ডকাইতিকে ধৰি অন্যান্য বহুতো গোচৰ তৰিছে’’।

সংগঠনকেইটাৰ সদস্যবৃন্দই সাংবাদিকক জনোৱা অনুসৰি ‘’অসম ভূমি বেদখল আইন ২০১০’’ ৰ অধীনত অবৈধ বেদখলকাৰী সকলৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা ল’বলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। ইয়াৰ বিপৰীতে ছিপাঝাৰৰ সমগ্ৰ চৰ অঞ্চল বাংলাদেশলৈ গৰুৰ চোৰাং বেহাকে ধৰি অন্যন্য অপৰাধৰ ঘাটিলৈ পৰিণত হোৱা বুলিও তেওঁলোকে উক্ত সংবাদমেলত সদৰী কৰে।