NORTHEAST NOW (Assamese)

চিমলাত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নৃত্য প্ৰতিযোগিতাত কেইবাটাও বঁটা পালে বিশ্বনাথৰ নৃত্যাঞ্জলি কলা নিকেতনে

July 20, 2018 9:01 pm · কাজি জেইদুল ইছলাম

যোৱা ১৮ জুলাইত চিমলাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতা ধৰোহৰ নেচনেল ডেঞ্চ ফেষ্টিভেল- ২০১৮ত অংশ গ্ৰহণ কৰি বিশ্বনাথ চাৰিআলিৰ নৃত্যাঞ্জলি কলা নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে সুনাম অৰ্জন কৰি বিশ্বনাথৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

নৃত্যাঞ্জলি কলা নিকেতনৰ প্ৰশিক্ষক কুকিল বৰাৰ নেতৃত্বত যোৱা ১১ জনীয়া প্ৰতিযোগীসকলৰ ভিতৰত জুনিয়ৰ শাখাৰ প্ৰথম স্থান লাভ কৰে দীপাঙ্কৰ দাহালে আৰু দ্বিতীয় স্থান লাভ কৰে সঞ্জয় গৌতম আৰু চাহজাদ খানে।

আনহাতে চিনিয়ৰ শাখাত প্ৰথম স্থান দখল কৰে আদিত্য চেত্ৰী আৰু দ্বিতীয় স্থানত থাকে উৰ্মি তেৰাংপী।

ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজলাবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন দল-সংগঠন আৰু ৰাইজে শুভেচ্ছা জ্ঞাপন কৰিছে।

Related News