চিয়াঙৰ ঘোলা পানীৰ প্ৰকৃত কাৰণ এতিয়াও অজ্ঞাত : ভাৰত চৰকাৰ

কেন্দ্ৰীয় চৰকাৰে আজি জনাই যে চিয়াঙৰ ঘোলা পানীৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ভূমিস্খলন, ভূমিকম্প বা চীন সীমান্তৰ উজনিৰ ফালে হোৱা কোনো কাৰ্যকলাপৰ বাবে এই জলপ্ৰদূষণ সংঘটিত হ’ব পাৰে।

লোকসভাত এই সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰস্বৰূপে কেন্দ্ৰীয় জলসম্পদ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে চীনৰ বিদেশ মন্ত্ৰীৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত চিয়াঙৰ জলধাৰাৰ অদ্ভুত পৰিৱৰ্তনক লৈ শেহতীয়াকৈ ওলোৱা প্ৰতিবেদন সমূহৰ লগতে দুয়ো দেশৰ  সীমাৰ দুয়ো পাৰে থকা নদী সমূহ সম্পৰ্কতো চীনা পক্ষৰ সৈতে আলোচনা কৰা হয়।

এই প্ৰসংগত মেঘৱালে জনায়, ‘অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় জল আয়োগৰ টুটিং জল নিৰীক্ষণ কেন্দ্ৰত ১০ নৱেম্বৰত চিয়াঙৰ পানীৰ ৰঙৰ পৰিৱৰ্তন লক্ষ্য কৰা যায়। অত্যধিক বোকাই পানীৰ এই পৰিৱৰ্তনৰ কাৰণ যেন লাগে। কেন্দ্ৰীয় জল আয়োগৰ টুটিং আৰু পাচি ঘাট কেন্দ্ৰই পৰীক্ষা কৰা পানীৰ নমুনাত দেখা গৈছে যে বোকাময় হোৱাৰ বাহিৰে  পৰিক্ষীত সকলো নমুনাতে পানীৰ মান পেয় জলৰ অনুমতিযোগ্য BIS 10500:2012 সীমাৰ ভিতৰতে আছে।’

অন্যহাতে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী আৰু পানী যোগান বিভাগে পাচি ঘাটৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাত অনুমতিসাধ্য সীমাতকৈ বহু বেছি বোকা আৰু লোৰ উপস্থিতি ধৰা পৰিছে। তাৰোপৰি মন্ত্ৰী গৰাকীয়ে জনায় উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক জল আৰু স্থল ব্যৱস্থাপনা প্ৰতিষ্ঠানে পাচি ঘাট আৰু জোনাইত সংগ্ৰহ কৰা চিয়াঙৰ পানীৰ নমুনাৰ ভৌত-ৰসায়নিক পৰীক্ষাই এই পানীত অনুমতিসাধ্য সীমাতকৈ বহু বেছি পৰিমাণৰ এলুমিনিয়াম আৰু লোৰ উপস্থিতি ধৰা পেলাইছে।

মেঘৱালে লগতে জনায় যে, ‘কেন্দ্ৰীয় জল আয়োগৰ টুটিঙ কেন্দ্ৰই লক্ষ্য কৰা অনুসৰি টুটিঙত ১৮ ৰ পৰা ১৯ নৱেম্বৰলৈ চিয়াঙ নৈৰ পানীৰ সোঁত প্ৰায় ৫০শতাংশ আৰু উচ্চতা প্ৰায় ১.৯৬ মিটাৰ হ্ৰাস পাইছিল। পিছলৈ পানীৰ উচ্চতা পুনৰ আগৰ পৰ্যায়লৈ ঘূৰি আহে।’