চি আই ডিয়ে যোগদল হত্যাকাণ্ডৰ প্ৰকৃত হত্যাকাৰীৰ সম্ভেদ দিওঁতালৈ আগবঢ়াব ১০ লাখ টকা

নতুন বছৰৰ প্ৰথম দিনটোতে যোগদল হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত চি আই চিয়ে গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে। ২০০৯ চনত সংঘটিত লোমহৰ্ষক যোগদল হত্যাকাণ্ডৰ তদন্তৰ ফাইল নতুনকৈ খোলা চি আই ডিয়ে প্ৰকৃত হত্যাকাৰীৰ সম্ভেদ দিওঁতালৈ ১০লাখ টকাৰ পুৰস্কাৰ আগবঢ়াব। লক্ষ্যণীয় যে শেহতীয়াকৈ চি আই ডিয়ে যোগদলৰ হৰকান্ত দলৈৰ ৫জনীয়া পৰিয়ালটোৰ হত্যাকাণ্ড সন্দৰ্ভত সোণাপুৰত বিভিন্ন সংগঠন, ব্যক্তি আদিৰ সাক্ষ্য গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি এই হত্যাকাণ্ডত জড়িত কিছু নথি-পত্ৰ কাহিলীপাৰাৰ ফৰেনছিক গৱেষণাগাৰৰ পৰা উন্নত পৰীক্ষাৰ বাবে গুজৰাটৰ গান্ধীনগৰৰ ফৰেনছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা বুলি এক শুত্ৰই জানিবলৈ দিছে।

মনকৰিবলগীয়া যে চি আই ডিয়ে চলোৱা তদন্তত কেতবোৰ ন ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। এই তথ্যৰ যোগেদি হত্যাকাৰীৰ দিশে অগ্ৰসৰ হোৱাত কিছু জটিলতা আছে। সেয়েহে চি আই ডিয়ে হত্যাকাৰীৰ প্ৰকৃত সম্ভেদ দিওঁতালৈ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে।প্ৰকৃত তথ্য তথা হত্যাকাৰীৰ সন্ধান দিয়াজনৰ নাম আৰু ঠিকনা সম্পূৰ্ণভাবে গোপনে ৰখা হ’ব বুলি কয় চি আই ডিৰ নৱ নিযুক্ত ডি আই জি দেৱজিৎ হাজৰিকাই। লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত যিকোনো সম্ভেদ দিবলৈ চি আই ডিৰ ডি আই জি নাইবা আৰক্ষী অধিক্ষকক ৯৪০১৫ ১৫৬০৭ আৰু ৮৬৩৮৪ ৯৮৫৬৪ নম্বৰ দুটাত যোগাযোগ কৰিব পাৰিব।

উল্লেখযোগ্য যে চি আই ডিয়ে কিছুদিন পূৰ্বে এই হত্যাকাণ্ড সন্দৰ্ভত দুজন আৰক্ষী বিষয়াক প্ৰমাণ নস্ত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ধৃত বিষয়া দুজন হৈছে প্ৰণৱ ডেকা আৰু আব্দুল লতিফ মজুমদাৰ। মন কৰিবলগীয়া যে হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰণৱ ডেকা আছিল সোনাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আব্দুল লতিফ মজুমদাৰ আছিল ঘটনাটোৰ তদন্তকাৰী বিষয়া।