NORTHEAST NOW (Assamese)

চি আই ডিৰ জালত বিক্ৰী কৰ পৰিদৰ্শক নিৰু দাস

December 6, 2017 11:57 am · এন ই নাও নিউজ ব্যুৰো
Updated: December 6, 2017 12:51 pm

বি জি বণ্ডেড ৱেৰ হাউচৰ কেলেংকাৰিত প্ৰত্যক্ষ ভাৱে জড়িত শ্ৰীৰামপুৰত কৰ পৰিদৰ্শক হিচাপে কৰ্মৰত নিৰু দাসক কালি অসম আৰক্ষীৰ চি আই ডি য়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন হৈ থকা নিৰু কালি ৰিলিজ লৈ ঘৰলৈ অহাত চি  আই ডি য়ে উলুবাৰীস্থিত কাৰ্য্যালয়লৈ মাতি নি প্ৰেপ্তাৰ কৰে । অভিযোগ অনুসৰি নিৰুৱে দীৰ্ঘদিন ধৰি সুৰা ব্যৱসায়ীক কৰ ফাঁকি দিয়াত উদগনি যোগাই আহিছিল আৰু তাৰ বিনিময়ত সুৰা ব্যৱসায়ীৰ পৰা উৎকোচ হিচাপে লৈছিল মোটা অংকৰ ধন।

জানিব পৰা মতে কেইবাজনো অসৎ সুৰা ব্যৱসায়ীৰ পৰা ৰাজ্য চৰকাৰে ৪০ কোটি টকাৰ বিক্ৰী কৰ আৰু আবকাৰী কৰ হেৰুৱাইছিল। উল্লেখযোগ্য যে এই দুৰ্নীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ৪ জন অভিযুক্তৰ বিৰুদ্ধে চি আই ডিয়ে চাৰ্জশ্বিট দাখিল কৰিছিল।

পূৰ্বে গ্ৰেপ্তাৰ হোৱা সুৰা সম্ৰাট ৰাজেশ জালান, বি জি বণ্ডেড ৱেৰ হাউচৰ স্বত্বাধিকাৰী বন্তি গগৈ, আবকাৰী বিষয়া অমৰেন্দ্ৰ দাসৰ পিছতে গ্ৰেপ্তাৰ হ’ল কৰ পৰিদৰ্শক নিৰু দাস। তথ্য অনুসৰি বিক্ৰীকৰ বিভাগৰ যুটীয়া আয়ুক্ত এগৰাকীৰ নামো এই কেলেংকাৰিৰ সৈতে সাঙোৰ খাই পৰিছে।

Related News