• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চি বি এচ ই প্ৰশ্নকাকত ফাদিলক লৈ তোলপাৰ দেশ : ২৫ এপ্ৰিলত দ্বাদশৰ পৰীক্ষা, দশম শ্ৰেণীৰ সন্দৰ্ভত ১৫ দিনৰ ভিতৰত হ’ব সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2018 7:54 pm
student-protest against cbse paper leak
190
VIEWS
Share on FacebookShare on Twitter

প্ৰশ্নকাকত ফাদিল হোৱা বাবে বাতিল কৰা চি বি এচ ইৰ দ্বাদশ শ্ৰেণীৰ অৰ্থনীতিৰ পৰীক্ষা ২৫ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ বিপৰীতে জুলাই মাহত হোৱাৰ সম্ভাৱনা আছে দশম শ্ৰেণীৰ অংকৰ পৰীক্ষা। দেশজুৰি হোৱা ব্যাপক প্ৰতিবাদৰ পিছত শিক্ষা সচিব অনিল স্বৰূপে আজি ৩০ মাৰ্চত এই কথা ঘোষণা কৰে।

সচিবগৰাকীয়ে লগতে কয় যে দশম শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল কেৱল দিল্লী আৰু হাৰিয়ানাতে সীমাবদ্ধ থকা বাবে কেৱল এই দুখন ৰাজ্যতহে পৰীক্ষাটো পুনৰ পতা হ’ব আৰু এই সন্দৰ্ভত অহা ১৫ দিনৰ ভিতৰত সিদ্ধান্ত লোৱা হ’ব আৰু পুনৰ পৰীক্ষা পাতিলে জুলাইতহে পতা হ’ব।

ভাৰতৰ বাহিৰত প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি দাবী কৰি সচিবগৰাকীয়ে জনাই যে ভাৰতৰ বাহিৰত পৰীক্ষাত বহা পৰীক্ষাৰ্থীসকলৰ বাবে পুনৰ পৰীক্ষা পতা নহ’ব।

তেওঁ প্ৰশ্নকাকত ফাদিল ‘কৰা লোকগৰাকীক কৰায়ত্ত কৰা হ’ব’ বুলিও আশ্বাস দিয়ে।

উল্লেখযোগ্য যে চি বি এচ ইৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ যোৱা কেইবাদিনো সমগ্ৰ দেশ তোলপাৰ লাগি আছে। আজিও টুইটাৰৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমসমূহৰ শিৰোনাম দখল কৰি আছে ঘটনাটোৱে।

এই ঘটনাৰ উচ্চস্তৰীয় তদন্ত, দোষীৰ শাস্তি, পৰীক্ষা পুনৰ পতাৰ বাবে দিন শীঘ্ৰে ঠিক কৰাৰ দাবীত আৰু এই ঘটনা মোদী চৰকাৰৰ দিনত দেশৰ শিক্ষা ক্ষেত্ৰত হোৱা বেমেজালিৰ নিদৰ্শন বুলি দাবী কৰি এন এচ ইউ আই আৰু কংগ্ৰেছ দলে আজি নতুন দিল্লীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল। এ’ ভি বি পিয়েও এই ঘটনাটোৰ তদন্ত দাবী কৰিছে।

দুয়োটা ছাত্ৰ সংগঠনেই কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাৱাদেকাৰক পৃথকে পৃথকে আজি স্মাৰক পত্ৰও প্ৰদান কৰিছিল।

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশৰে দশম আৰু দ্বাদশ মানৰ প্ৰায় ২৮ লাখ পৰীক্ষাৰ্থী চি বি এছ ইৰ এই ঘটনাত প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে।

উল্লেখ্য যে দশম মানৰ পৰীক্ষাৰ বাবে ১৬,৩৮,৪২৮ আৰু দ্বাদশ মানৰ পৰীক্ষাৰ বাবে ১১,৮৬,৩০৬ গৰাকী শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।

Recent News

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd