• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰৰ পৰা মহিলা অভিযন্তাৰ মৃতদেহ উদ্ধাৰ; যৌতুকক লৈ নিৰ্যাতনৰ অভিযোগ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2025 8:49 am
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পোৱাৰ উদ্বেগজনক ঘটনাৰ মাজতে উদ্ধাৰ হৈছে এগৰাকী মহিলা অভিযন্তাৰ ওলমি থকা মৃতদেহ। অভিযোগ অনুসৰি মহিলাগৰাকীক যৌতুক বিচাৰি হেঁচা প্ৰয়োগ কৰা হৈছিল।

২৭ বছৰীয়া মহিলাগৰাকীৰ দেহৰ ৰঙৰ বাবেও শহুৰেকৰ ঘৰত নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ পিতৃৰ। এই কাৰণেই তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃতা মহিলাগৰাকীৰ নাম শিল্পা। মঙলবাৰে নিশা দক্ষিণ বেংগালুৰুৰ সুদ্দাগুণ্টেপল্যাৰ ঘৰৰ পৰা উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ। এই সন্দৰ্ভত তেওঁৰ পিতৃ-মাতৃয়ে শিল্পাৰ স্বামী প্ৰবীণ আৰু শহুৰেকৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰিছে। তেওঁলোকৰ দাবী, যৌতুকৰ বাবে শিল্পাক অহৰহ হাৰাশাস্তি কৰা হৈছিল। এই কাৰণেই শিল্পাই আত্মহত্যা কৰিলে।

আৰক্ষীৰ সূত্ৰ অনুসৰি শিল্পা এগৰাকী অভিযান্ত্ৰিক স্নাতক। প্ৰবীণে ডেৰ-দুবছৰ আগতে তেওঁক বিয়া কৰাইছিল। তেওঁলোকৰ এটি ডেৰ বছৰীয়া সন্তান আছে। বিয়াৰ পূৰ্বে শিল্পাই ইনফ’ছিছত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। স্বামীও এগৰাকী চফটৱেৰ ইঞ্জিনিয়াৰ। আগতে তেওঁ অৰেকলত কাম কৰিছিল। বিয়াৰ পিছত প্ৰবীণে চাকৰি এৰি খাদ্যৰ ব্যৱসায় আৰম্ভ কৰে।

শিল্পাৰ পিতৃ-মাতৃয়ে অভিযোগ কৰে যে বিবাহৰ সময়ত প্ৰবীণৰ পৰিয়ালে নগদ ১৫ লাখ টকাৰ উপৰিও ১৫০ গ্ৰাম সোণৰ গহনা আৰু অন্যান্য সামগ্ৰী দাবী কৰিছিল। দাবী কৰা সামগ্ৰীখিনি দিয়াৰ পিছতো শিল্পাক স্বামী আৰু শহুৰেকে হেঁচা প্ৰয়োগ কৰি দেউতাকৰ ঘৰৰ পৰা অধিক ধন আৰু অন্যান্য সামগ্ৰী আনিবলৈ চেষ্টা কৰিছিল। একে সময়তে তেওঁক দেহৰ ৰঙক লৈও ঠাট্টা কৰা হৈছিল। এই অত্যাচাৰ আৰু ঠাট্টা-মস্কৰা সহ্য কৰিব নোৱাৰি শিল্পাই আত্মহত্যা কৰিবলৈ বাধ্য হ’ল।

তেওঁলোকে অভিযোগ কৰে যে প্ৰবীণৰ পৰিয়ালৰ লোকে ব্যৱসায় আৰম্ভ কৰিবলৈ শিল্পাৰ পৰা আৰু ৫ লাখ টকা দাবী কৰিছিল। সেই টকা দিয়াৰ পিছতো জীয়েকৰ ওপৰত হোৱা অত্যাচাৰ কমি যোৱা নাছিল।

মাকে দাবী কৰিছিল যে শাহুৱেকে শিল্পাক নিয়মিতভাৱে তেওঁৰ দেহৰ ক’লা ৰঙৰ ৰঙৰ বাবে কটাক্ষ কৰিছিল। লগতে প্ৰবীণক এৰি দিলে পুত্ৰৰ পুনৰ বিয়া পাতিব বুলিও কৈছিল।

সুদ্দাগুন্টেপল্য থানাই জনোৱা মতে, অভিযোগৰ ভিত্তিত নিৰ্দিষ্ট ধাৰাসমূহৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। শিল্পাৰ স্বামীক আটক কৰি সোধা-পোছা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd