• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত জনসংখ্যাৰ স্থিতি বজাই ৰাখিবলৈ মহিলাসকলে তিনিটা সন্তান জন্ম দিব লাগে: মোহন ভাগৱত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2025 7:31 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় পৰিয়ালসমূহক কমেও তিনিটা সন্তান জন্ম দিবলৈ পৰামৰ্শ দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। তেওঁৰ মতে, বিশেষজ্ঞসকলে কয় যে যদি দুটাতকৈ কম সন্তান থাকে তেন্তে বংশ বিস্তাৰ স্তব্ধ হৈ যায় আৰু প্ৰজন্মৰ ধাৰাবাহিকতা বজাই ৰখাটো কঠিন হৈ পৰে। ফলত এটা সম্প্ৰদায় ক্ৰমান্বয়ে নোহোৱা হৈ যাব পাৰে।

বৃহস্পতিবাৰে আৰ এছ এছৰ প্ৰতিষ্ঠা শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা এক সংবাদমেলত ভাগৱতে কয়, “দেশত জন্মৰ হাৰ নূন্যতম ২.১ত ৰাখিব লাগে। হিচাপত ২.১ মানে ২, কিন্তু সন্তান জন্মৰ ক্ষেত্ৰত সংখ্যা সদায় তিনিটা হ’ব লাগে। চিকিৎসকসকলে আমাক এই কথাই কৈছে।”

Apply Now

আচলতে এই বিতৰ্ক নতুন নহয়। যোৱা বছৰ নাগপুৰত সংঘৰ বৈঠকতো তেওঁ একে সুৰত কথা কৈছিল। সেই সময়ত ভাগৱতে কৈছিল যে শেহতীয়া গৱেষণাই প্ৰমাণ কৰিছে যে যেতিয়া যিকোনো জাতিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২.১ৰ তললৈ নামি যায়, তেতিয়া সেই সমাজখন ধ্বংসৰ দিশে আগবাঢ়ে। ইয়াৰ বাবে বাহ্যিক আক্ৰমণৰ প্ৰয়োজন নাই, ভিতৰৰ পৰা সংস্কৃতি আৰু সভ্যতা নোহোৱা হৈ যায়। তেওঁৰ ভাষাত “ইতিহাস সাক্ষী, বহু ভাষা আৰু সংস্কৃতি এনেদৰে পৃথিৱীৰ মানচিত্ৰৰ পৰা মচি গৈছে। গতিকে জন্মৰ হাৰ ২.১ৰ তললৈ নামিব নালাগে।”

ভাগৱতে দাবী কৰে যে বিশ্বৰ বহু দেশত এনে নীতি প্ৰযোজ্য। ভাৰততো জনসংখ্যাৰ মৰ্যাদা বজাই ৰাখিবলৈ মহিলাসকলে তিনিটা সন্তান জন্ম দিব লাগে।

ইতিমধ্যে ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশৰ স্থান দখল কৰিছে। কিন্তু এই পৰিস্থিতিত সমগ্ৰ দেশতে জন্মৰ হাৰ হ্ৰাস পোৱাৰ ধাৰাটোক লৈ উদ্বেগ বাঢ়িছে। শেহতীয়াকৈ জুন মাহত ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত প্ৰতিগৰাকী মহিলাৰ গড় প্ৰজননৰ হাৰ বৰ্তমান ১.৯ লৈ হ্ৰাস পাইছে। কিন্তু জনসংখ্যাৰ ভাৰসাম্য বজাই ৰাখিবলৈ নূন্যতম হাৰ ২.১ হ’ব লাগে।

এনে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ বক্তব্য পুনৰ প্ৰাসংগিক হৈ পৰিছে।

কেৱল সেয়াই নহয়, বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে লগতে কয় যে ধৰ্ম প্ৰতিষ্ঠা বা ধৰ্ম সুৰক্ষাই সকলো ধৰ্মৰ ওপৰত। এই জ্ঞানেৰেহে বিশ্ব শান্তি বজাই ৰাখিব পৰা যাব।

পাকিস্তান বা বাংলাদেশৰ নাম নোলোৱাকৈয়ে সংঘৰ নেতাগৰাকীয়ে কয় যে ভাৰতে এসময়ত ভাৰতৰ অংশ হৈ থকা দেশসমূহৰ সৈতে বিশেষকৈ আমাৰ প্ৰতিবেশী দেশসমূহৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব।

তেওঁৰ মতে, সংঘৰ এখন অখণ্ড ভাৰতৰ সুপৰিচিত আৰু প্ৰাচীন মানচিত্ৰত পাকিস্তান, আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু তিব্বত আদি অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে এই ভাষণত মোহন ভাগৱতে পৌৰাণিক সাহিত্যত উল্লেখ থকা আৰ্য সভ্যতাৰ সময়ৰ এক অখণ্ড ভাৰতৰ একত্ৰীকৰণৰ কথা পোনপটীয়াকৈ কোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd