চীনৰ আগ্ৰাসনৰ সময়ত দালাই লামাক ভাৰতলৈ সুৰক্ষা দি অনা সৈনিক অসমৰ নৰেন চন্দ্ৰ দাসক ধৰমশালাত উষ্ম আদৰণি

63564116

দালাই লামা আৰু ৮০ বছৰীদায়া নৰেন চন্দ্ৰ দাসৰ মাজত এক আৱেগিক পুনৰ্মিলনৰ সাক্ষী হৈ ৰ’ল হিমাচল প্ৰদেশৰ ধৰমশালা। টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰিত এইকথা প্ৰকাশ পাইছে।

১৯৫৯ চনত যেতিয়া দালাই লামাৰ সৈতে প্ৰথমবাৰ মিলিত হৈছিল তেতিয়া দাস আছিল এগৰাকী উদ্যমী সৈনিক। সেইসময়ত দালাই লামাৰ বয়স আছিল ২২ বছৰ আৰু দাস আছিল ২৩ বছৰীয়া চফল ডেকা।

চীনৰ আগ্ৰাসনৰ সময়ত সাহসেৰে তিব্বতৰ পৰা পলাই অহা তিব্বতী আধ্যাত্মিক গুৰু দালাই লামাক ভাৰতৰ ভূমিলৈ সুৰক্ষিতভাৱে পহৰা দি লৈ আহিছিল নৰেন চন্দ্ৰ দাসে। ১৯৫৯ চনৰ ৩১ মাৰ্চত টাৱাঙত তেওঁলোকক সংগ দি দিছিল আন ছয়গৰাকী আছাম ৰাইফলছৰ জোৱানে।

বিগত ৬০ বছৰৰ ভিতৰত যোৱা বছৰৰ এপ্ৰিলত গুৱাহাটীত এবাৰ মিলিত হৈছিল। দালাই লামাই তেওঁক আৰু তেওঁৰ দেশৰ মানুহক আশ্ৰয় দিয়া বাবে ভাৰতক ধন্যবাদ দিয়ে আৰু দাসক মেকলিউদগঞ্জলৈ আমন্ত্ৰণ জনায়। স্বাস্থ্যৰ অৱস্থা ভাল নোহোৱা সত্ত্বেও দাসে আমন্ত্ৰণ গ্ৰহণ কৰে। অনুষ্ঠানৰ সময়ত দাসক ভিভিআইপিৰ সন্মান প্ৰদান কৰা হয়।

অনুষ্ঠানটোত তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ গোটেই কেবিনেট আহি উপস্থিত হয়। দালাই লামাৰ লগতে অনুষ্ঠানত উপস্থিত থাকে তিব্বতৰ প্ৰধানমন্ত্ৰী লবছাং ছানগে।

টাইমছ অফ ইণ্ডিয়াৰ বাতৰিটো অনুসৰি অনুষ্ঠানৰ স্থান ছুগলাখাঙ (মূল মন্দিৰ)ত দালাই লামাই নৰেন চন্দ্ৰ দাসৰ পিনে আগবাঢ়ি আহে আৰু তেওঁক গভীৰভাৱে সাবটি ধৰে।

অতিথিসকলক সন্মান দিয়াৰ সময়ত দালাই লামাৰ পৰা একমাত্ৰ আলিংগন লাভ কৰে দাসে। উপস্থিত লোকসকলে যেতিয়া ৬০ বছৰ আগতে দালাই লামাৰ জীৱন ৰক্ষা কৰা দাসৰ বিষয়ে জানিব পাৰে, সকলোৱে তেওঁৰ সৈতে ছেলফি উঠাত ব্যস্ত হৈ পৰে।

দালাই লামাই ১৯৫৯ চনৰ ৩১ মাৰ্চত  চুথাঙমোৰ পৰা অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল। অসমৰ শোণিতপুৰ জিলাৰ বাসিন্দা দাস দালাই লামাক সুৰক্ষা দি অনা আছাম ৰাইফলছৰ সাতজনীয়া দলটোৰ সদস্য আছিল। সেই সৈনিকৰ দলটোৰ ভিতৰত একমাত্ৰ দাসেই বৰ্তমান জীৱিত।

‘’আমি মানুহজনক দেখা পাই সুখী হৈছো। তেওঁ দালাই লামাক ভাৰতলৈ লৈ আনিছিল যাৰ বাবে আমি তেওঁৰ সৈতে এক আৱেগিক সম্পৰ্ক অনুভৱ কৰিছো,’’-অনুষ্ঠানৰ অতিথিসকলে কয়।

আয়োজকসকলৰ আতিথ্যত মুগ্ধ দাসে কয় যে তেওঁৱো ইমান দূৰ ভ্ৰমণৰ বাবে এতিয়া সুস্থ নহয় তথাপি দালাই লামাক লগ পাই অতীত ৰোমন্থন কৰিবলৈকে আহিছিলো।

গুৱাহাটীত তেওঁলোকৰ শেহতীয়া সাক্ষাতৰ কথা স্মৰণ কৰি দাসে কয়, ‘’ যোৱা ৬০ বছৰত তেওঁ বিশ্বৰ আধ্যাত্মিক গুৰুৰ মৰ্যাদা লাভ কৰাৰ বাবে মই অতি সুখী আৰু গৌৰৱ অনুভৱ কৰিছো।‘’