চীনৰ খাদ্য আৰু কৃষি সংস্থাৰ চাহ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতে

tea-570x320

অহা ১৭ৰ পৰা ২০ মে’লৈকে চীনৰ হাংজৌত অনুষ্ঠিত হ৭’বলগীয়া আন্তঃচৰকাৰী গোটৰ খাদ্য আৰু কৃষি সংস্থাৰ ২৩ সংখ্যক চাহ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতে।

ৰাষ্ট্ৰসংঘৰ এটা বিশেষজ্ঞ পেনেলে ইণ্ডোনেছিয়া আৰু ভাৰতক আন্তঃজাতিক চাহ গোট এটাৰ গাঁথনি, গঠন, ভূমিকা আৰু কাৰ্যপন্থাৰ ধাৰণা এটা গঢ় আৰু প্ৰস্তাৱনা দিয়াৰ বাবে অনুৰোধ কৰিছে।

এই গোটৰ ২০১৭ চনৰ আন্তঃকালীন আলোচনাত আন্তঃজাতিক চাহপাত উৎপাদনকৰ্তা পৰিয়ালসমূহৰ সংস্থাটোক উপভোক্তা দেশসমূহৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ বাবে চিনাকি কৰাই দিয়া হৈছিল আৰু চাহ বাগিচাৰ পৰা চাহৰ কাপলৈকে জড়িত থকা আগ্ৰহীসকল আৰু মূল্য-শৃংখলসমূহৰ পৰা সমৰ্থন লাভ কৰা হৈছিল।

এই সংস্থাটোৰ প্ৰধান কাৰ্যালয়ে ২০১৮ চনৰ চীন সন্মিলনত সেয়াও নিশ্চিত কৰিব।

চাহৰ উৎপাদন, সেৱন, বিপণন আৰু মূল্য বিষয়ক শেহতীয়া গতিবিধিৰ বিনিময়ৰ লগতে বিশ্বৰ বজাৰৰ অৱস্থা আৰু হ্ৰস্বম্যাদী দৃষ্টিভংগীৰ নিয়মিত মূল্যায়ন সম্পৰ্কে পৰামৰ্শ প্ৰদান আৰু তথ্য বিনিময়ৰ বাবে গঠিত এখন ফৰামক আন্তঃচৰকাৰী গোটটোৱে প্ৰতিনিধিত্ব কৰিব।

উল্লেখ্য যে ভাৰতত প্ৰায় ২.৫ লাখ ক্ষু্দ্ৰ চাহ খেতিয়ক আছে আৰু তেওঁলোকে মুঠ উৎপাদনৰ ৪৬শতাংশ উৎপাদন কৰে।

সমগ্ৰ বিশ্বৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহ বাগিচাৰ ৭০ শতাংশ এলেকা অধিকাৰ কৰি আছে আৰু তেওঁলোকে বিশ্বৰ মুঠ উৎপাদনৰ ৬০ শতাংশ চাহপাত উৎপন্ন কৰে।বৃহৎ কোম্পানীসমূহৰ মালিকানাধীন চাহ বাগান যথেষ্ট থকা স্বত্ত্বেও চাহপাত উৎপাদনকাৰী দেশসমূহৰ এটা গুৰুত্বপূৰ্ণ অংশ ক্ষুদ্ৰ চাহ খেতিয়কসকলে অধিকাৰ কৰি আছে আৰু বিগত দশককেইটাত ইয়াৰ বৃদ্ধিৰ হাৰ আধিক হৈ গৈ আছে।

ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰ্যকৰী গোটৰ সভাপতি ইণ্ডোনেছিয়াৰ ৰাচমত বদ্ৰুদ্দিনে গোটৰ অগ্ৰগতি সন্দৰ্ভত এটা চমু আভাস দিব।

বিগত বছৰৰ ২২ সংখ্যক আন্তঃকালীন আলোচনাচক্ৰখনত গোটটোৱে বেছিভাগ চাহপাত উৎপাদনকাৰী দেশতেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে মুখামুখি হোৱা গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক সমস্যাসমূহ তুলি ধৰিছিল।

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কল্যাণ আৰু জীৱিকাৰ মূল্যায়ন-ভিত্তিক আৰ্থ-সামাজিক অধ্যয়নৰ জৰিয়তে বহনযোগ্যতা আহৰণৰ প্ৰচেষ্টাক সহায় প্ৰয়োজনৰ কথাটো উত্থাপন কৰিছিল।