NORTHEAST NOW (Assamese)

চুৰাইবাড়ী বজাৰত ৪৭ লাখ ৬২হেজাৰ টকা ব্যয় সাপেক্ষ দুমহলীয়া বজাৰগৃহ উন্মোচন

July 9, 2018 4:24 pm · পান্না ঘোষ

টিআইডিচিৰ অধ্যক্ষ টিংকু ৰয় আৰু চিপিআই-(এম)ৰ বিধায়ক ইছলামউদ্দিনে চুৰাইবাড়ী বজাৰত দুমহলীয়া বজাৰগৃহটো উন্মোচন কৰে।

চুৰাইবাড়ী বাজাৰৰ বজাৰগৃহটো মুঠ ৪৭ লাখ ৬২হেজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হয়। উল্লেখ্য যে এই দুমহলীয়া বজাৰ গৃহটোৰ নিৰ্মাণ ২০১৩-১৪ চনত আৰম্ভ কৰা হৈছিল আৰু অলপতে ইয়াৰ নিৰ্মাণকাৰ্য সমাপ্ত হয়।

বজাৰগৃহটোৰ নিৰ্মাণ কাঞ্চনপুৰ গ্ৰাম্য বিকাশ খণ্ড আৰু পূব চুৰাইবাড়ী পঞ্চায়তৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে।

বজাৰগৃহটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল টিআইডিচিৰ অধ্যক্ষ টিংকু ৰয় আৰু চিপিআই-(এম)ৰ বিধায়ক ইছলাম উদ্দিন আৰু আন কেইবাগৰাকী নেতা উপস্থিত আছিল।

বজাৰগৃহটো উদ্বোধন কৰি টিআইডিচিৰ অধ্যক্ষ চিংকু ৰয় কয় যে পূৰ্বৰ চৰকাৰে বহুতো কাম হাতত লৈছিল যদিও তেওঁলোকৰ উৎসাহহীন মনোভাৱৰ বাবে সকলো কাম পৰি লৈছিল।

তেওঁ আৰু কয় যে বিজেপি চৰকাৰ গঠন হ’লে বিকাশৰ ধাৰাটো সুন্দৰভাৱে আগবঢ়াই নিয়া হ’ব।

Related News