চূড়ান্ত খচৰাৰ প্ৰাক মুহূৰ্তত হোজাইত এন আৰ চিৰ নথি জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ

NRC

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হ’বলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত হোজাইত এন আৰ চিৰ নথি-পত্ৰ জ্বলাই দিয়া বুলি স্থানীয় ৰাইজে তোলা অভিযোগক লৈ চাঞ্চল্য অব্যাহত আছে।

স্থানীয় ৰাইজে জনোৱা মতে, এই ঘটনা সংঘটিত হৈছে হোজাইৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত। অভিযোগ মতে, হোজাইৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ এন আৰ চি কেন্দ্ৰত এন আৰ চি সম্পৰ্কীয় বহুতো লাগতিয়াল নথি-পত্ৰ জ্বলাই দিয়া হৈছে।

স্থানীয় ৰাইজে ছাইৰ মাজৰ পৰা অঞ্চলটোৰ কেইবাটাও ব্লকৰ এন আৰ চি নথি-পত্ৰৰ অৱশেষ উদ্ধাৰ কৰা বুলি দাবী কৰে। ইয়াৰ মাজত বহু লোকৰ ফটো আৰু দৰকাৰী নথি-পত্ৰৰ আধা জ্বলোৱা টুকুৰাও আছে বুলি সূত্ৰটোৱে দাবী কৰিছে। এন আৰ চিৰ কামত জড়িত বিষয়াই এই কাম কৰিছে বুলি অভিযোগত কোৱা হৈছে।

আনহাতে নথি-পত্ৰৰ দ’ম এটা জ্বলি থকাৰ দৃশ্য সম্বলিত এটা ভিডিঅ’ও বিভিন্ন মিডিয়াত ঘূৰি ফুৰা দেখা গৈছে।

অৱশ্যে এই ঘটনাৰ আঁতিগুৰি বা সত্যতা সম্বন্ধে এতিয়াও কোনো পক্ষৰ পৰা নিশ্চিতি দিয়া হোৱা নাই।