NORTHEAST NOW (Assamese)

চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰাসকলক নথিৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ আহ্বান বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ

July 30, 2018 8:30 pm · কল্পজ্যোতি শইকীয়া
হীৰেন গোহাঁই। ফাইল ছবি।

সোমবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পোৱাৰ পাছতেই এই খচৰাৰ পৰা নাম বাদ পৰা আবেদনকাৰীসকলক সতৰ্কতা অৱলম্বন কৰাৰ বাবে পৰামৰ্শ আগ বঢ়ায় বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে। তেওঁ লগতে চৰকাৰী পক্ষকো অফিচিয়েল কাম-কাজত চোকা নজৰ ৰাখিবৰ বাবেও আহ্বান জনায়, যাতে কোনো প্ৰকৃত ভাৰতীয়ৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ নপৰে।

উল্লেখ্য যে চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথাবতৰাত তেওঁ কয় “কোনো প্ৰকৃত ভাৰতীয়ৰ নাম নিজৰ ভুলৰ বাবে হওক বা অন্যৰ ভুলৰ কাৰণে হওক বাদ পৰিব নালাগে।”

তেওঁ লগতে ‘আবেদনকাৰীসকলো সচেতন আৰু সতৰ্ক হ’ব লাগে’ বুলি পৰামৰ্শ প্ৰদান কৰি লগতে কয় যে চৰকাৰী পক্ষয়ো যথেষ্ট পৰিমাণে সতৰ্ক হ’ব লাগে। কাৰণ সাধাৰণ লোকসকলে অফিচিয়েল কাম-কাজত নজনাকৈয়ে বহু ভুল কৰে, সেইবোৰৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষই নজৰ দিব লাগিব।

তাৎপৰ্য্যপূৰ্ণভাৱে বুদ্ধিজীৱীগৰাকীয়ে আৱেদনকাৰী আৰু কৰ্তৃপক্ষ দুয়ো পক্ষৰ ভুলৰ বাবেই কোনো কোনো লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে বুলি নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে।

তেওঁ লগতে কয়, “যিখিনি ভুল ৰাইজৰ ফালৰ পৰা কৰিছে, সেইখিনি ভুলতো ভুলেই, তেওঁলোকৰ অনুপযুক্ত সাক্ষ্য প্ৰমাণৰ বাবেও নাম বাদ পৰিব পাৰে। কিন্তু কৰ্তৃপক্ষৰ ভুলৰ কথা কেতিয়াও ভবা নহয়।”

আনহাতে, সৰ্বসাধাৰণ লোকৰ মূল নথি-পত্ৰ বনাওঁতে কেতিয়াবা কাৰ্য্যালয়ৰ কৰ্তৃপক্ষই কিছুমান ভুল কৰে বুলি সদৰী কৰি তেওঁ লগতে উদাহৰণ সহকাৰে বাখ্যা আগ বঢ়ায় এইদৰে,  ‘ধৰি লোৱা মোৰ নামটো হীৰেন গোহাঁই, কেতিয়াবা ভুলতে হৰেন গোহাঁই বুলি আহি যাব পাৰে। মই নিজে কেতিয়াবা হীৰেন গোহাঁইৰ সলনি হীৰেন্দ্ৰ নাথ গোহাঁই লিখো। তেতিয়া যদি সংশ্লিষ্ট কৰ্তৃপক্ষই  কয় হীৰেন গোহাঁই আৰু হীৰেন্দ্ৰ নাথ গোহাঁই একে মানুহ নহয়।”

তাৎপৰ্য্যপূৰ্ণভাৱে, ‘নথি-পত্ৰ সম্পৰ্কে ভাৰতীয় মানুহ বিশেষকৈ অসমৰ জনসাধাৰণ ইমান সচেতন নহয়।‘ এইবুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘গতিকে এই কথাবিলাক কৰ্তৃপক্ষই অলপ বিবেচনা কৰিব লাগে যে তেওঁলোকৰ ফালৰ পৰা কিবা ত্ৰুটি হৈছে নেকি?

আনহাতে, আবেদনকাৰীৰ সাক্ষ্য প্ৰমাণ বিচাৰ কৰোঁতে কৰ্তৃপক্ষৰ ভুল হ’ব পাৰে বুলি সন্দেহ কৰি তেওঁ লগতে কয়  “এতিয়ালৈকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ভুলটো বিচাৰ কৰা হোৱা নাই। ধৰি লোৱা হৈছে যে আবেদনকাৰীসকলৰ ভুল হৈছে। কৰ্তৃপক্ষৰ কাৰ্য্যালয়ত যে গণ্ডগোলটো হৈ আছে এইটো এতিয়ালৈকে স্বীকাৰ কৰা হোৱা নাই। এই কথাৰ প্ৰতি সম্প্ৰ্তি দৃষ্টি দিয়াটো উচিত হ’ব।”

Related News