• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চূড়ান্ত খচৰাৰ পৰা বাদ পৰাসকলৰ ওজৰ-আপত্তি দাখিল আৰু নিষ্পত্তি প্ৰক্ৰিয়া স্বচ্ছ, নিকা আৰু নিখুঁত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2018 7:56 pm
NRC: Assam Jamiat, AAMSU demands punishment for 'false objection' petitioners

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ছবি।

104
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত ৪০ লাখৰো অধিক লোক তালিকাৰ পৰা বাদ পৰা বিষয়টোক লৈ দেশ জুৰি আলোড়ন চলি থকাৰ মাজতে আজি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আন এটা গুৰুত্বপূৰ্ণ শুনানি হৈ যায়। এই শুনানিকালত ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিনটন নৰিমানৰ বিচাৰপীঠে কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক।

এন আৰ চিৰ খচৰাত নাম বাদ পৰা সকলো লোকলৈ জাননী প্ৰেৰণ কৰি তেওঁলোকক শুনানিত অৱতীৰ্ণৰ সুযোগ দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে, এই লোকসকলৰ ওজৰ-আপত্তি দাখিলৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হ’ব‍ লাগিব বুলি বিচাৰপীঠখনে এন আৰ চি কৰ্তৃপক্ষক সকীয়াই দিয়ে।

ওজৰ-আপত্তি দাখিলৰ প্ৰক্ৰিয়া নিখুঁত কৰিবৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰৰ জৰিয়তে এই ব্যৱস্থা পৰিচালনা কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে খচৰাৰ ওপৰত ভিত্তি কৰি চৰকাৰে কাৰো বিৰুদ্ধে কোনো ব্যৱস্থা ল’‍ব নোৱাৰিব বুলি কয় বিচাৰপীঠখনে।

ন্যায়ালয়ে লগতে এন আৰ চি কৰ্তৃপক্ষক পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত কৰ্ম-আঁচনিৰ আৰ্হি সাজু কৰাৰো নিৰ্দেশ দিছে। এই আৰ্হি পৰ্যবেক্ষণ কৰিব ন্যায়ালয়ে। আৰু তাত সংশোধনৰ প্ৰয়োজন হ’ব নেকি সেয়াও ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব।

এন আৰ চি কৰ্তৃপক্ষই নৰ্থ-ইষ্ট নাওক কয় যে অহা ১৬ আগষ্টত হ’ব পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰি দিছে ন্যায়ালয়ে। উক্ত দিনটোতে ওপৰত কোৱা কৰ্ম-আঁচনিৰ আৰ্হি দাখিল কৰিব কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে ৩০ জুলাইত প্ৰকাশ কৰা এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰিছে। এই কথাক লৈ দেশৰ ভিতৰে বাহিৰে নানা ধৰণৰ বিতৰ্কৰ সূচনা হৈছে।

ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই আদালতক জনায় যে অহা ৭ আগষ্ট, ২০১৮ ইং তাৰিখৰ পৰা এই লোকসকলে কি কাৰণত তেওঁৰ নাম বাদ পৰিল তাক জানিবলৈ সংশ্লিষ্ট এন আৰ চি সেৱাকেন্দ্ৰত আৱেদন কৰি জানিব পাৰিব।

এন আৰ চি কৰ্তৃপক্ষই জনোৱামতে, ৮ আগষ্টৰ পৰা এই বাদ পৰা লোকসকলৰ দাবী-আপত্তিৰ নিষ্পত্তি কৰা হ’‍ব। অহা ২৭ ছেপ্টেম্বৰলৈ নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন কৰিব পাৰিব জনসাধাৰণে।

উল্লেখযোগ্য যে চূড়ান্ত এন আৰ চি অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব বুলি পূৰ্বে এন আৰ চি কৰ্তৃপক্ষই জনাইছিল যদিও আজি আদালতত ন্যায়াধীশ ৰঞ্জন গগৈৰ এই সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত তেনেকৈ তাৰিখ নিৰ্ধাৰণ কৰা নাই বুলি কয় প্ৰতীক হাজেলাই।

Recent News

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd