এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত ৪০ লাখৰো অধিক লোক তালিকাৰ পৰা বাদ পৰা বিষয়টোক লৈ দেশ জুৰি আলোড়ন চলি থকাৰ মাজতে আজি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আন এটা গুৰুত্বপূৰ্ণ শুনানি হৈ যায়। এই শুনানিকালত ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিনটন নৰিমানৰ বিচাৰপীঠে কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক।
এন আৰ চিৰ খচৰাত নাম বাদ পৰা সকলো লোকলৈ জাননী প্ৰেৰণ কৰি তেওঁলোকক শুনানিত অৱতীৰ্ণৰ সুযোগ দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে, এই লোকসকলৰ ওজৰ-আপত্তি দাখিলৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হ’ব লাগিব বুলি বিচাৰপীঠখনে এন আৰ চি কৰ্তৃপক্ষক সকীয়াই দিয়ে।
ওজৰ-আপত্তি দাখিলৰ প্ৰক্ৰিয়া নিখুঁত কৰিবৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰৰ জৰিয়তে এই ব্যৱস্থা পৰিচালনা কৰিবলৈ নিৰ্দেশ দিয়ে।
আনহাতে খচৰাৰ ওপৰত ভিত্তি কৰি চৰকাৰে কাৰো বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব নোৱাৰিব বুলি কয় বিচাৰপীঠখনে।
ন্যায়ালয়ে লগতে এন আৰ চি কৰ্তৃপক্ষক পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত কৰ্ম-আঁচনিৰ আৰ্হি সাজু কৰাৰো নিৰ্দেশ দিছে। এই আৰ্হি পৰ্যবেক্ষণ কৰিব ন্যায়ালয়ে। আৰু তাত সংশোধনৰ প্ৰয়োজন হ’ব নেকি সেয়াও ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব।
এন আৰ চি কৰ্তৃপক্ষই নৰ্থ-ইষ্ট নাওক কয় যে অহা ১৬ আগষ্টত হ’ব পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰি দিছে ন্যায়ালয়ে। উক্ত দিনটোতে ওপৰত কোৱা কৰ্ম-আঁচনিৰ আৰ্হি দাখিল কৰিব কৰ্তৃপক্ষই।
উল্লেখযোগ্য যে ৩০ জুলাইত প্ৰকাশ কৰা এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰিছে। এই কথাক লৈ দেশৰ ভিতৰে বাহিৰে নানা ধৰণৰ বিতৰ্কৰ সূচনা হৈছে।
ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই আদালতক জনায় যে অহা ৭ আগষ্ট, ২০১৮ ইং তাৰিখৰ পৰা এই লোকসকলে কি কাৰণত তেওঁৰ নাম বাদ পৰিল তাক জানিবলৈ সংশ্লিষ্ট এন আৰ চি সেৱাকেন্দ্ৰত আৱেদন কৰি জানিব পাৰিব।
এন আৰ চি কৰ্তৃপক্ষই জনোৱামতে, ৮ আগষ্টৰ পৰা এই বাদ পৰা লোকসকলৰ দাবী-আপত্তিৰ নিষ্পত্তি কৰা হ’ব। অহা ২৭ ছেপ্টেম্বৰলৈ নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন কৰিব পাৰিব জনসাধাৰণে।
উল্লেখযোগ্য যে চূড়ান্ত এন আৰ চি অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব বুলি পূৰ্বে এন আৰ চি কৰ্তৃপক্ষই জনাইছিল যদিও আজি আদালতত ন্যায়াধীশ ৰঞ্জন গগৈৰ এই সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত তেনেকৈ তাৰিখ নিৰ্ধাৰণ কৰা নাই বুলি কয় প্ৰতীক হাজেলাই।