NORTHEAST NOW (Assamese)

চেন্নাইত অকাল মৃত্যু পৰিয়াল চলাবলৈ কাম বিচাৰি যোৱা দৰিদ্ৰ অসমীয়াৰ

May 9, 2018 4:09 pm · হিতোজ্বল চেতিয়া

এক কৰুণ দুৰ্ঘটনাত পুনৰ বহিঃৰাজ্যত অকাল মৃত্যুক সাৱতিলে অসমৰ যুৱকে। চেন্নাইত কৰ্ম সংস্থাপনৰ বাবে যোৱা ডিমৌ উদয়পুৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱক গোপীনাথ বৰুৱা (৩৬ বছৰীয়া)ই চেন্নাইৰ আৰৱকনত ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছৰ পৰা পৰি মৃত্যুক সাৱতি লয়।

এতিয়া যুৱকজনৰ মৃতদেহ আনিবলৈও পৰিয়ালটোৰ ওচৰত নাই পৰ্যাপ্ত ধন। বৰ্তমান গোপীনাথৰ মৃতদেহ চেন্নাইৰ এখন চিকিৎসালয়ত ৰখা হৈছে।

দিশহাৰা পৰিয়ালটোৱে কান্দি-কাটি মৃতদেহটো অসমলৈ আনিবলৈ ৰে’ল মন্ত্ৰী আৰু স্থানীয় বিধায়কলৈ কাতৰ আহ্বান জনাইছে।

কাম বিচাৰি যোৱা যুৱকজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

Related News