চৰকাৰী চাকৰি বিচৰাৰ বিপৰীতে স্বনিৰ্ভৰশীল হওক: বিপ্লব কুমাৰ দেব

Biplab-Deb

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ফাইল ফটো

ত্ৰিপুৰাৰ শিক্ষিত যুৱ প্ৰজন্মই চৰকাৰী চাকৰি লাভ কৰাৰ বাবে ৰাজনৈতিক নেতা-কৰ্মীৰ কাষ চপাৰ বিপৰীতে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে পৰামৰ্শ আগবঢ়ায়। প্ৰধান মন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক-যৱতীয়ে বেংকৰ পৰা ঋণ লৈ বিভিন্ন প্ৰকল্প আৰম্ভ কৰি স্বনিৰ্ভৰশীল হ’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে।

বিশ্ব পশুচিকিৎসা দিৱস উপলক্ষে প্ৰাগনা ভৱনত আয়োজিত এক অনুষ্ঠানত ‘জীৱিকা, খাদ্য নিৰাপত্তা আৰু নিৰাপত্তা উন্নয়নৰ বাবে পশু চিকিৎসাৰ ভূমিকা’ শীৰ্ষক বক্তৃতাৰ সময়তে মুখ্য মন্ত্ৰী দেবে এই মন্তব্য কৰা দেখা যায়।

ত্ৰিপুৰা পশুচিকিৎসা পৰিষদে আয়োজন কৰা এই অনুষ্ঠানত পশু সম্পদ উন্নয়ন মন্ত্ৰী সান্তনা চাকমাৰ উপস্থিতিত ৰাজ্যখনৰ উপ মুখ্য মন্ত্ৰী জিষ্ণু দেব ৱাৰ্মাই চেমিনাৰখন শুভাৰম্ভ কৰে।

এই অনুষ্ঠানত মুখ্য মন্ত্ৰী দেবে পূৰ্বৰ মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি কয় যে পূৰ্বৰ চৰকাৰখনে ৰাজ্যখনৰ যুৱ প্ৰজন্মক ব্যৱসায় ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ বিপৰীতে চৰকাৰী চাকৰি প্ৰদানৰ নামত যুৱক-যুৱতীসকলক ৰাজনৈতিক নেতাৰ শৰণাপন্ন হোৱাৰহে মানসিকতা গঢ়ি তুলিছিল।

মুখ্য মন্ত্ৰীজনে লগতে উল্লেখ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে ব্যৱসায় আৰম্ভ কৰাৰ বাবে মুদ্ৰা আঁচনিৰ জৰিয়তে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ বেংকৰ পৰা ঋণ লোৱাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান হোৱাৰ উপৰি কৃষি তথা অন্য ক্ষেত্ৰ সমূহৰ উন্নয়ন হোৱাৰ লগতে দেশৰো উন্নয়ন হ’ব বুলি উল্লেখ কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থকা বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি মুখ্য মন্ত্ৰীজনে কয় যে যদিহে সমাজৰ সকলো শ্ৰেণীৰ লোককে যিকোনো প্ৰকাৰৰ সহায় কৰা হয় তেন্তে সমাজখনৰ মানসিক শক্তি বৃদ্ধি পাব।

তেওঁ যুৱ প্ৰজন্মক উদ্দেশ্যি পুনৰ কয় যে কোনো নিবনুৱা যুৱক-যুৱতী এজনে বেংকৰ পৰা ৭৫হেজাৰ টকা ঋণ লৈ কোনো ব্যৱসায় আৰম্ভ কৰি অলপ কষ্ট কৰে তেন্তে অনায়াসে মাহত ২৫ হেজাৰ টকা উপাৰ্জন কৰিব পাৰিব।

স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত যুৱকজনে খেতি কৰিব নাযায় বা তেনে ধৰণৰ কোনো কামে নকৰে কিয়নো তেনেকুৱা কৰ্মই যুৱকজনৰ সন্মান লাঘৱ কৰিব বুলি যি পৰম্পৰাগত মানসিকতা সমাজত প্ৰচলন হৈ আহিছে সেয়াও ভূল বুলি অভিহিত কৰে মুখ্য মন্ত্ৰী দেবে।

মুখ্য মন্ত্ৰীজনে তাৎপৰ্যমূলক মন্তব্য কৰি কয়, ‘যদি কোনো পিতৃয়ে পুত্ৰক মাংসৰ দোকান আৰম্ভ কৰিবলৈ কয় তেন্তে পুত্ৰই সেই কাম কৰাৰ বাবে প্ৰস্তুত নহয় বা নকৰে। ইয়াৰ কাৰণ হ’ল আমি আমাৰ ল’ৰা-ছোৱালীক সৰুৰে পৰা এই ক্ষেত্ৰত মানসিকভাৱে প্ৰস্তুত নকৰো। আমি ল’ৰা-ছোৱালীক কেৱল ভৱিষ্যতত শিক্ষক, অভিযন্তা, চিকিৎসক আদি হ’বলৈহে প্ৰস্তুত কৰো। সেয়ে ডাঙৰ হৈ এনেধৰণৰ ব্যৱসায় বা কাম কৰিবলৈ এইসকল ল’ৰা-ছোৱালী প্ৰস্তুত নহয়’।

তেওঁ লগতে আৰু কয়, ‘শিক্ষা কেবল উপাৰ্জনৰ বাবে নহয়, শিক্ষা জ্ঞান আহৰণ আৰু ব্যক্তিত্ব বিকাশৰ বাবেহে। কিন্তু বিগত ২০-২৫ বছৰত ত্ৰিপুৰাৰ শিক্ষা ব্যৱস্থা বেয়াৰ ফালে ঢাল খাইছে’।

ইফালে অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব পশুচিকিৎসা দিৱস উপলক্ষে পশু সম্পদ উন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উদ্যোগত এটা সমদল উলিওৱা হয়।