NORTHEAST NOW (Assamese)

চৰকাৰী বিদ্যালয়ৰ পুতৌলগা ছবি : মেট্ৰিকত এজনো উত্তীৰ্ণ নহ’ল গেন্ধালি আমগুৰি হাইস্কুলৰ পৰা

May 26, 2018 9:10 pm · মিণ্টু দাস
Updated: May 27, 2018 10:05 am

ৰাজ্যখনৰ শিক্ষা বিভাগে সততে শিক্ষা বিভাগত উন্নতি সাধন হোৱা বুলি কোৱা কথাষাৰৰ বিপৰীত ছবি দাঙি ধৰিলে সদ্য ঘোষিত চৰকাৰী স্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে। উল্লেখযোগ্য যে শিক্ষান্ত পৰীক্ষাত চামগুৰি কেন্দ্ৰটোত গেন্ধালি আমগুৰি  হাইস্কুলৰ অৱতীৰ্ণ হোৱা ২২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত এগৰাকী পৰীক্ষাৰ্থীও উত্তীৰ্ণ হ’বলৈ সক্ষম নহ’ল।

উল্লেখযোগ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ ফলাফলতকৈ চামগুৰিস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় ক্ৰমে শংকৰদেৱ শিশু নিকেতন, সৰস্বতী একাডেমি আৰু জৰ্জিয়ান ইংলিছ স্কুলৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ।

প্ৰাপ্ত তথ্য মতে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক কেন্দ্ৰটোৰ অন্তৰ্ভুক্ত ১২ খন বিদ্যালয়ৰ ভিতৰত ৯ গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংশ্যন, ৬১ গৰাকীয়ে প্ৰথম বিভাগ, ৫৯ গৰাকীয়ে দ্বিতীয় আৰু ৪৪ গৰাকীয়ে তৃতীয় স্থান লাভ কৰে ৷ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰীমা মূদৈয়ে মুঠ ৫৪৮ নম্বৰ প্ৰাপ্তিৰে পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত প্ৰথম হোৱাৰ বিপৰীতে একেখন বিদ্যালয়ৰ আইজা বৰা, শংকৰদেৱ শিশু নিকেতনৰ ক্ৰমে চিন্ময় দাস, ৰঞ্জন মহন্ত, নম্ৰতা জুম্পা বৰা, অনিমেষ দাস, আকাংক্ষা চৰকাৰ, স্নেহা বিশ্বাস আৰু গোপীনাথ দেৱ গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়, বৰঙাতলিৰ ছাত্ৰ দিপাংকৰ হীৰাই ডিষ্টিংশ্যন পাবলৈ সক্ষম হয় ৷

চামগুৰি পৰীক্ষা কেন্দ্ৰটোৰ পৰা ষ্টাৰ নম্বৰসহ পৰীক্ষাত উত্তীৰ্ণ মুঠ ১৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬ গৰাকীয়ে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী বুলি জানিব পৰা গৈছে ৷

Related News