চৰকাৰে সকলো আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ ক্ষেত্ৰক উৎসাহ দিব পৰাকৈ প্ৰস্তুত কৰিব চলচ্চিত্ৰ নীতি : নৱ দলে

Film_Festival_Jyoti_Chitraban

চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে। ফটো কল্পজ্যোতি শইকীয়া।

”ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ স্বাৰ্থক সামৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন সুস্থ চলচ্চিত্ৰ নীতি প্ৰস্তুত কৰি আছে। এই নীতিত ছবি পৰিৱেশনৰ নিয়ম-প্ৰণালী আঞ্চলিক ভাষাৰ ছবিৰ সহায়ক হ’ব পৰাকৈ প্ৰস্তুত কৰা হৈছে।” এই কথা জানিবলৈ দিছে অসম চৰকাৰৰ সাংস্কৃতিক-পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে। মন্ত্ৰীজনৰ মতে এই চলচ্চিত্ৰ নীতিয়ে কেবল অসমীয়া ভাষাই নহয়, সকলো জনগোষ্ঠীৰ ভাষাকে সামৰি ল’ব।

উল্লেখযোগ্য যে যোৱা ২ মাৰ্চৰ পৰা ‘চলচ্চিত্ৰম’ৰ উদ্যোগত জ্যোতি চিত্ৰবনত আয়োজিত দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসবৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি মন্ত্ৰীজনে এইদৰে কয়।

তদুপৰি মন্ত্ৰীজনে চলচ্চিত্ৰমৰ প্ৰচেষ্টাৰ শলাগ লৈ কয়, ’এই চলচ্চিত্ৰ মহোৎসৱে অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ বাবে মই অতিকৈ আনন্দিত। সংস্কৃতি হৈছে সমাজৰ এটা এৰাব নোৱাৰা অংগ। চলচ্চিত্ৰমৰ এই যাত্ৰাই ভবিষ্যৎ সময়ত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছো।‘

চলচ্চিত্ৰ মহোৎসৱৰ এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ব্ৰটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই অতীতৰ মধুৰ স্মৃতি ৰোমন্থন কৰে। তেওঁ কয়, ‘’১৫ বছৰে এই সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত আছো। কিন্তু আমি এই জগতখনত ভৰি দিওঁতে চলচ্চিত্ৰ জগতৰ অৱস্থা অতি পুতৌ লগা আছিল। সেই সময়ৰ অভিনেতা-অভিনেত্ৰীসকলে মাথোঁ অভিনয় কৰাৰ কথাহে চিন্তা কৰিছিল। তাৰ বিপৰীতে তেওঁলোকে কোনটো চৰিত্ৰ অথবা চিনেমা সমাজৰ বাবে মংগলময় সেই কথা অনুধাৱন কৰিবলৈ পৰিৱেশ পোৱা নাছিল।‘’

লক্ষণীয়ভাৱে বিধায়িকাগৰাকীয়ে বৰ্তমান সময়লৈকে অসমীয়া চলচ্চিত্ৰ উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই বুলি মন্তব্য কৰি কয়, ‘’অসমত চলচ্চিত্ৰ ব্যৱস্থা হিচাপেহে ক’ব পাৰি, উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই। প্ৰযোজকৰ সংখ্যা বাঢ়িলেহে ই উদ্যোগ হিচাপে স্বীকৃতি লাভ কৰিব।‘’

তদুপৰি তেওঁ ‘বাঁকৰ পুতেক’ চিনেমাখনে মুক্তি লাভ কৰা মুহূৰ্তৰ কথা উল্লেখ কৰি কয় ‘’মই ভ্ৰাম্যমাণ জগতৰ সৈতে জড়িত থকাৰ সময়তে এই চিনেমাখনে মুক্তি লাভ কৰিছিল। সেই সময়ত মই গোলাঘাটৰ ভিতৰুৱা অঞ্চল এটাত নাটক কৰি আছিলোঁ। হলৰ ব্যৱস্থা নথকাৰ বাবে তাৰ লোকসকলে টেলিভিচনত কেতিয়া আহিব বুলি প্ৰশ্ন কৰিছিল।‘’

ইয়াৰোপৰি বিধায়িকাগৰাকীয়ে অসম চৰকাৰে চলচ্চিত্ৰৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহত চিনেমা হল নিৰ্মাণ কৰাৰ বাবে আহ্বান জনায়।

সেই অনুষ্ঠানতে উপস্থিত থকা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰুৱাই মত প্ৰকাশ কৰে যে ‘’মহোৎসৱসমূহে দৰ্শকক চলচ্চিত্ৰ উপভোগ কৰিব পৰাকৈ এটা পৰিবেশ সৃষ্টি কৰিব পাৰে। এই চলচ্চিত্ৰ মহোৎসৱসমূহত মূলতঃ প্ৰান্তীয় ভাষাৰ চলচ্চিত্ৰসমূহক প্ৰাধান্য দিয়া হয়।‘’

তদুপৰি তেওঁ ভাৰতীয় চিনেমাসমূহত ভাৰতীয় মূল্যবোধ তথা দৰ্শন থকাটো প্ৰয়োজনীয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

তেওঁৰ মতে, ‘’এখন চিনেমাই এটা জাতি অথবা এখন সমাজ সলনি কৰি দিব পাৰে। গতিকে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আটাইকেইটা দিশত গুৰুত্ব প্ৰদান কৰিব লাগে।‘’

আনহাতে ভাষণ প্ৰসংগতে তেওঁ দুখ প্ৰকাশ কৰি কয়, ‘’মিনিষ্ট্ৰি অব ছায়েন্স এণ্ড টেকন’ল’জিয়ে আয়োজন কৰা বিজ্ঞান চলচ্চিত্ৰ মহোৎসৱত ৮৫ খন চলচ্চিত্ৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এখনো চলচ্চিত্ৰ নথকাটো দুখ লগা কথা।‘’

আজিৰ এই সামৰণি অনুষ্ঠানতে চলচ্চিত্ৰ মহোৎসৱত স্থানপ্ৰাপ্ত চুটি ছবিসমূহক পুৰস্কাৰ প্ৰদান কৰা হয়।

প্ৰথম শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰে প্ৰণৱজ্যোতি ডেকা আৰু সুজিৎ দেব বৰ্মাৰ দ্বাৰা যুটীয়াভাৱে পৰিচালিত ন’-দি হোম’-এ। তেওঁলোকক বঁটাসহ নগদ ১ লাখ টকাৰ পুৰস্কাৰ দিয়া হয়। দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে মানস ছাগৰাৰ পৰিচালিত ‘লিটল হাৰ্ট’ নামৰ ছবিখনে। দ্বিতীয় শ্ৰেষ্ঠ দলটোৱে ৫০,০০০ টকা সহ বঁটা লাভ কৰে।

তদুপৰি অৰুণজিৎ বৰাৰ পৰিচালিত ‘লেটাৰছ ফ্ৰম দেউতা’, ববিতা শৰ্মাৰ পৰিচালনাৰে ‘এ লাইট দেট ৰিফিউজেচ টু ফেড আউট’ আৰু অক্ষয় মালাকাৰৰ পৰিচালনাৰ বাবা (ফাডাৰ)-এ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়।