NORTHEAST NOW (Assamese)

ছচিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰাৰ বাবে উবেৰ চালকৰ বিৰুদ্ধে মহিলা যাত্ৰীৰ অভিযোগ দাখিল

April 8, 2018 10:08 am · এন ই নাও নিউজ

গুৱাহাটীৰ দুগৰাকী মহিলা যাত্ৰীয়ে এজন উবেৰ চালকৰ বিৰুদ্ধে দিচপুৰ আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে। অভিযোগ অনুসৰি তেওঁলোকে উবেৰৰ গাড়ীখনত ভ্ৰমণ কৰাৰ সময়ত তেওঁলোক চালকজনৰ হাৰাশাস্তিৰ সন্মুখীন হৈছিল।

অভিযোগ আনি দাখিল কৰা এজাহাৰখনত কোৱা হৈছে যে উবেৰ চালকজনে মহিলা দুগৰাকী গাড়ীখনৰ ভিতৰত থকা সময়ত তেওঁলোকৰ যাত্ৰা বাতিল কৰা বিষয়কলৈ হোৱা এক তৰ্ক-বিতৰ্কৰ চালকজনে ভিডিঅ’ কৰিছিল।

অভিযোগ কৰা মতে সেই ভিডিঅ’টো ততাতয়াকৈ ছচিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত জনৈক ৰবীন দাস আৰু ভাস্কৰ জ্যোতি দাস নামৰ যুৱক দুজনে আপলোড কৰিছিল।

ছচিয়াল মিডিয়াত ভিডিঅ’টে ভাইৰেল হৈ পৰাৰ পিছতে বহু ফেচবুক ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ বিৰুদ্ধে অসন্মানজনক মন্তৱ্য কৰিছিল।

অভিযোগৰ ভিত্তিত দিচপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু ঘটনাটোৰ অনুসন্ধান চলাই আছে।

মহানগৰীত উবেৰ চালকৰ সৈতে যাত্ৰীৰ সংঘাতৰ বাতৰি মাজে সময়ে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা দেখা যায়। সম্প্ৰতি একাংশ উবেৰ চালকৰ দৌৰাত্ম্য বৃদ্ধি পোৱাৰ অভিযোগো প্ৰায়েই শুনা যায়।

বৰ্তমান জনপ্ৰিয় হৈ পৰা উবেৰৰ কেবসমূহত যাত্ৰীৰ সুৰক্ষা আৰু চালকসকলৰ ওপৰত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উবেৰ কৰ্তৃপক্ষই নজৰ দিব লাগে বুলিও ৰাইজে মত ব্যক্ত কৰিছে।

 

Related News