যোৱা ৫ এপ্ৰিলত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত চতুৰ্থ ছাত্ৰ অলিম্পিক আন্তৰ্জাতিক ক্ৰীড়াত ভাৰতক প্ৰতিনিধিত্ব কৰা ১৭’ৰ অনুৰ্দ্ধৰ অসমৰ ল’ৰাৰ ফুটবল দলটোৱে চূড়ান্ত খেলখনত নেপালক ৭-০ গলৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।
শনিবাৰে ওদালগুৰিত এই কথা জানিব দিয়ে দলটোৰ লগত জড়িত এগৰাকী বিষয়া ধানেশ্বৰ বসুমতাৰীয়ে।
ৰাজ্যখনৰ লগতে দেশৰ বাবেও কৃতিত্ব কঢ়িয়াই অনা এই পুটবল দলটোৰ সদস্যসকল আছিল নেপোলিয়ন এন দৈমাৰী, উত্তম দৈমাৰী, আশিক বড়ো, গোপীনাথ ৰাভা, বিকি বাগলাৰী, জুলিয়াছ বাগলাৰী, অভিজিৎ বসুমতাৰী, প্ৰমোদ কুমাৰ দৈমাৰী, প্ৰেয়াৰজিৎ বসুমতাৰী, প্ৰেমানুষ টপ্পো, ইমানুৱেল দৈমাৰী, ইছমাইল দৈমাৰী আৰু প্ৰভুদন ওৰাং।
বিজয়ী দলটো আহি শনিবাৰে ওদালগুৰি ৰে’লৱে ষ্টেশ্যনত উপস্থিত হোৱাৰ পিছতে ওদালগুৰি চহৰৰ ৰাইজে দলটোক উষ্ম আদৰণি জনায়।
ওদালগুৰি মহাবিদ্যালয়য়ৰ অধ্যক্ষ ড০ লিউক দৈমাৰী, ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ছেমুৱেল দৈমাৰী, জ্যেষ্ঠ সাংবাদিক ৰেৱতী ৰমন সাপকাটাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে দলটোৰ সদস্যসকলক ফুলাম গামোচা আৰু আৰণাইৰে আদৰণি জনায়।
উল্লেখযোগ্য যে ভাৰত, পাকিস্তান, শ্ৰীলংকা, মালদ্বীপ, বাংলাদেশ, ভূটান আৰু নেপালকে ধৰি এই সাতখন দেশৰ নিৰ্বাচিত ছাত্ৰসকলে নেপালৰ কাঠমাণ্ডুত ২ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈকে ছাত্ৰ অলিম্পিক সংস্থা, এছিয়াই আয়োজন কৰা ছাত্ৰ অলিম্পিক আন্তৰ্জাতিক ক্ৰীড়াত অংশ গ্ৰহণ কৰিছিল।