ছ’চিয়েল মিডিয়াৰ মঞ্চৰ পৰা সমাজসেৱালৈ : ৰাণীত মহিলা আৰু শিশুৰ চিকিৎসা আৰু স্বাস্থ্য শিবিৰ

An elderly lady at the camp

'নট জাষ্ট ফুড'ৰ উদ্যোগত অনুষ্ঠিত চিকিৎসা আৰু স্বাস্থ্য শিবিৰ

খাদ্যৰ ওপৰত গঢ়ি উঠা এই গোটটোৰ কৰ্মৰ ক্ষেত্ৰখনো ক্ৰমে বিস্তৃতি লাভ কৰি গৈ গোটটোৰ সদস্যসকলৰ ভিতৰৰ অন্তৰ্নিহিত গুণসমূহো প্ৰকাশ্যমান হৈ থাকিল। ‘নট জাষ্ট ফুড’ নামৰ খাদ্য ৰসিকৰ গোট এটাৰ পৰা সুদীৰ্ঘ যাত্ৰা আৰম্ভ কৰি কেইগৰাকীমান মহিলাৰ পৃষ্ঠপোষকতাত গঢ় হৈ উঠা এই গোটটোৱে এসময়ত সদস্যৰ সংখ্যা ১৫,০০০ অতিক্ৰম কৰিলে। গোটটোৱে এতিয়া বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ সৈতে তেওঁলোকৰ সময় উৎসৰ্গা কৰা আৰু ৰাজ্যখনৰ বানাক্ৰান্ত লোকসকলৰ বাবে সাহাৰ্য সামগ্ৰী সংগ্ৰহ কৰাৰ উপৰিও মে’ মাহৰ ২০ তাৰিখ দেওবাৰে গুৱাহাটী মহানগৰৰ উপকণ্ঠত অৱস্থিত ৰাণী হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে এটা চিকিৎসা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

মঙলদৈত লাভ কৰা তথ্য অনুসৰি, গুৱাহাটী গীতানগৰৰ কেজজিএমটি হস্পিটালৰ চিকিৎসক ডা০ নিবেদিতা গোস্বামীৰ উদ্যোগত  ডা০ প্ৰদীপ শইকীয়া, ডা০ বালানুজ মজুমদাৰ, ডা০ মনালী ঠাকুৰ, ড০ জিণ্টি ৰেখা দাসৰ এটা অভিজ্ঞ চিকিৎসকৰ দলে প্ৰায় ১৫০ গৰাকী গাৱলীয়া মহিলা আৰু শিশুৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁলোকক স্বাস্থ্য সম্বন্ধীয় পৰামৰ্শ প্ৰদান কৰে।  চিকিৎসকসকলে গাঁৱলীয়া মহিলাসকলক ছেনিটাৰী নেপকিন ব্যৱহাৰ কৰাৰ বাবে উপদেশ প্ৰদান কৰে। এই স্বাস্থ্য শিবিৰত সকলো ৰোগীকেই প্ৰয়োজনীয় ঔষধ আৰু ছেনিটাৰী নেপকিন বিনামূলীয়াকৈ দিয়া হৈছিল।

চিকিৎসা আৰু স্বাস্থ্য শিবিৰৰ উদ্যোক্তা ‘নট জাষ্ট ফুড’ৰ অমৃতা শৰ্মাই প্ৰথমগৰাকী মহিলা ৰোগীক এজোৰ মেখেলা-চাদৰ প্ৰদান কৰে। আয়োজকসকলে ৰোগীসকলক বিনামূলীয়া পানী আৰু পুষ্টিদায়ক খাদ্য পৰিপূৰক বিনামূলীয়াকৈ যোগান ধৰে।

ইয়াৰ পূৰ্বে সবাস্থ্য শিবিৰত উপস্থিত থকা চিকিৎসক আৰু ‘নট জাষ্ট ফুড’ৰ সদস্যসকলে বিদ্যলয়খৰ চৌহদত গছপুলি ৰোৱাৰ এক কাৰ্যসূচী পালন কৰে। ‘নট জাষ্ট ফুড’ৰ সভাপতি প্ৰিয়াক্ষী দাস আৰু সম্পাদিকা অনুৰাধা কলিতাই সাংবাদিকৰ আগত কয় যে তেওঁলোকে সমাজৰ প্ৰতি থকা দায়িত্ব সদায়েই পালন কৰি যাব। ‘নট জাষ্ট ফুড’ৰ সদস্যা ফাৰিদা আহমেদ, ৰুমিনা ৱাহিদ, উৰ্মি ভৰালী, লুকি তালুকদাৰ শইকীয়া, মনালিছা পাটোৱাৰী, প্ৰিয়ংকা শৰ্মা, শুভলক্ষ্মী কাকতী, স্নিগ্ধাজ্যোতি চৌধুৰী বৰ্মন, পুষ্পিতা হাজৰিকা ডেকা আৰু আটাইতকৈ বয়োজ্যেষ্ঠ সদস্যা আছনা দৌলাহে শিবিৰটো সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে।