ছাত্ৰক প্ৰহাৰ কৰি নিলম্বিত হ’ল শিক্ষক অশোক চৌধুৰী

খং দমন কৰিব নোৱাৰি শ্ৰেণীকোঠাত এগৰাকী ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি পিছত শিক্ষা বিভাগৰ দ্বাৰা নিলম্বিত হ’ব লগীয়া হয় বাইহাটা চাৰি আলিৰ গছবাৰী হাইস্কুলৰ এজন শিক্ষক। নিলম্বিত শিক্ষকজনৰ নাম অশোক চৌধুৰী। জানিব পৰা মতে শ্ৰী চৌধুৰীয়ে যোৱা ১৭ নৱেম্বৰত নৱম শ্ৰেণীৰ এজন ছাত্ৰক শ্ৰেণীকোঠাৰ ভিতৰতে অতি বেয়াকৈ মাৰপিট কৰে। পিছত ছাত্ৰজনৰ অভিভাৱক আৰু বিদ্যালয়খনৰ আন আন ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষকক অভিযোগ দিয়ে। অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষক ভূপেন বড়োৱে ২২ নৱেম্বৰত বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক-কৰ্মচাৰী গোট আৰু স্থানীয় ব্যক্তিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে। সভাখনৰ পিছত প্ৰধান শিক্ষকজনে এক প্ৰতিবেদন প্ৰস্তুত কৰি কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ হাতত অৰ্পণ কৰে। এক  নামৰ শিক্ষকগৰাকীক কামৰূপ জিলা শিক্ষা বিষয়াই শনিবাৰে চাকৰিৰ পৰা নিলম্বন কৰে৷ এই প্ৰতিবেদনৰ ভিত্তিত শিক্ষা বিভাগে অভিযুক্ত শিক্ষকজনক আই.এছ./কে.ডি.ডি./ই০১ চাচপেনচন/১৬-১৭/৩৪৮১-৮৫  নিৰ্দেশ যোগে নিলম্বন কৰে। উল্লেখযোগ্য যে অশোক চৌধুৰী নামৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে পূৰ্বেও কেইবাবাৰো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষকক অভিযোগ দি আহিছিল।