ছাত্ৰ-ছাত্ৰীৰ বাবে ৭০ শতাংশ বাছভাড়া ৰেহাইৰ দাবী এছ এফ আইৰ

ছাত্ৰ-ছাত্ৰীৰ বাছভাড়া ৰেহাই দিয়াৰ বাবে যোৱা ২৩ মাৰ্চত ভাৰতীয় ছাত্ৰ ফেডাৰেচনে স্মাৰক পত্ৰৰ জৰিয়তে মহানগৰ জিলা উপায়ুক্তক অবগত কৰাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি এছ এফ আইৰ মহানগৰ জিলা কমিটিয়ে দিঘলী পুখুৰীৰ পাৰত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

২০১২ চনৰে পৰা এছ এফ আই য়ে বাছভাড়া ৰেহাই দিয়াৰ দাবীত আন্দোলন কৰি আহিছে যদিও এইক্ষেত্ৰত মহানগৰ জিলা প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলে সংগঠনটোৱে।

এছ এফ আইৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰীয়ে সংবাদ মাধ্যমক কয় যে যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীৰ বাছভাড়া ৭০ শতাংশ ৰেহাই নিদিয়ে অথবা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ বাছ পাছৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে তেওঁলোকে ধাৰাবাহিকভাবে আন্দোলন চলাই নিব।

তেওঁলোকে কৰা আন্দোলনৰ হেঁচাত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে ২০ শতাংশ বাছভাড়া ৰেহাই দিয়াৰ ঘোষণা কৰি বাছ পাছৰ ব্যৱস্থা কৰিছিল যদিও শিক্ষানুষ্ঠানসমূহৰ জৰিয়তে পাছসমূহ নিদিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰে এই সুবিধাটোৰ পৰা বঞ্চিত হৈ আহিব লগীয়া হৈছে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয়, ‘দিল্লী তামিলনাডু আদিত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ বাছভাড়া ৰেহাই ব্যৱস্থা আছে। ইয়াৰোপৰি কৰ্ণাটকতো এছ এফ আইৰ প্ৰতিবাদৰ পিছত কৰ্ণাটক চৰকাৰে সম্পূৰেণৰূপে বাছভাড়া ৰেহাই দিছে। কিন্তু উত্তৰ-পূবৰ শিক্ষাৰ কেন্দ্ৰ গুৱাহাটীত ছাত্ৰ-ছাত্ৰীৰ বাবে বাছভাড়াৰ ৰেহাইৰ কোনোধৰণৰ ব্যৱস্থা নাই।’

পিছত সংগঠনটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি শীঘ্ৰে ৭০ শতাংশ বাছ ভাড়া ৰেহাই দিয়া, ছাত্ৰ-ছাত্ৰীৰ বাবে বাছ পাছৰ ব্যৱস্থা কৰা আৰু সোণাপুৰ কলেজ তথা ডিমৰীয়া কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰাৰ দাবীত কামৰূপ মেট্ৰ’ জিলা উপায়ুক্ত তথা পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।