NORTHEAST NOW (Assamese)

ছিংগাপুৰত মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত অংশ ল’ব নগাঁৱৰ ছৰিফুল শ‌ইকীয়াই

June 20, 2018 9:31 am · মিণ্টু দাস

ছিংগাপুৰত অহা ১ জুলাইত অনুষ্ঠিত হ’ব লগা আৰু ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন (World Fitness Federation) য়ে আয়োজন কৰা মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে নগাঁৱৰ শৰীৰ চৰ্চাবিদ ছৰিফুল শইকীয়াই ।

ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা ছৰিফুল শ‌ইকীয়াই মঙলবাৰে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে। শৰীৰ চৰ্চাবিদগৰাকীয়ে লগতে কয়, ‘মই মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাখনত ৮০ কেজি শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়াম। ইয়াৰ বাবে মই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছো’।

ইফালে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে খেলুৱৈগৰাকীয়ে ২৮ জুনত নগাঁৱৰ পৰা ছিংগাপুৰলৈ ৰাওনা হ’ব।

উল্লেখ্য যে ছৰিফুলে ইয়াৰ পূৰ্বে তিনিবাৰ মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভ কৰাৰ লগতে বিভিন্ন দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণেৰে খিতাপ দখল কৰি নগাঁৱৰ লগতে সমগ্ৰ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Related News