NORTHEAST NOW (Assamese)

ছিকিম ফুটবল এছ’চিয়েশ্যনৰ চি ডিভিজন ফুটবলত ‘য়ং অৰ্কিড’ চেম্পিয়ন

June 17, 2018 11:06 pm · সাগৰ ছেত্ৰী
ছিকিম ফুটবল এছ’চিয়েশ্যনৰ চি ডিভিজন ফুটবল টুৰ্নামেণ্টত বিজয়ী য়ং অৰ্কিড দলটো।

আজি ছিকিম ফুটবল এছ’চিয়েশ্যনৰ চি ডিভিজন ফুটবল টুৰ্নামেণ্ট, ২০১৮ৰ ফাইনেলত য়ং অৰ্কিড চেম্পিয়ন হয়। গেংটকৰ পালজৰ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলখনত উদীয়মান প্ৰতিভাৱান খেলুৱৈৰে গঠিত য়ং অৰ্কিডে ডংগ্ৰি ফুটবল ক্লাবক ৬-১ৰ ব্যৱধানত ধৰাশায়ী কৰে।

য়ং অৰ্কিডে প্ৰথমৰ পৰাই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি বিপক্ষক অনৱৰতে চাপত ৰাখে। ২৬ মিনিটতে দলটোৰ হৈ বিশাল ছেত্ৰীয়ে গল দি অগ্ৰগতি দিয়ে। তাৰ ৬ মিনিট পিছতে পুনৰ সতীৰ্থ লাচো চেৰিঙে গ’ল দি দলক অধিক গতি প্ৰদান কৰে। ইয়াৰ ৪ মিনিট পিছতে আকৌ অংচুক শ্বেৰপাই গ’ল দি প্ৰথম অৰ্ধ পৰ্য্যন্ত দলটোক ৩-০ৰ অগ্ৰগতি দিয়ে।

একেদৰেই দ্বিতীয় অৰ্ধৰ খেল আৰম্ভ হোৱাৰ পৰাই দমন অব্যাহত ৰাখে য়ং অৰ্কিডে।

বিপক্ষ ডংগ্ৰি ক্লাবে প্ৰত্যাক্ৰমণ কৰি ৫৩ মিনিটত ৰেপগেই লেপচাই দিয়া এগ’লৰ সহায়ত ব্যৱধান কমাই যদিও শেষ পৰ্য্যন্ত য় অৰ্কিড দলটো বৃহৎ ব্যৱধানত জয়ী হয়।

খেলৰ শেষত দুয়োটা দলকে বঁটা প্ৰদান কৰা হয়। ডংগ্ৰি ক্লাবৰ ছেৰিং দৰ্জীক মেন অব দা মেচ্ছ বঁটা দিয়া হয়।

উল্লেখযোগ্য যে আজি ফাইনেল খেলা দুয়োটা দলেই ছিকিম ফুটবল এছ’চিয়েশ্যনৰ অহা ছিজনৰ দ্বিতীয় ডিভিজনলৈ উন্নীত হোৱা বুলি এছ’চিয়েশন্যৰ তৰফৰ পৰা নিশ্চিত কৰিছে।

Related News