NORTHEAST NOW (Assamese)

ছয় দফীয়া দাবী লৈ লাষ্টগেটত সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

February 23, 2018 2:49 pm · কল্পজ্যোতি শইকীয়া
Updated: February 23, 2018 3:50 pm

আজি ছয় দফীয়া দাবী লৈ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে দিচপুৰ লাষ্টগেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

লক্ষ্যণীয় যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশ মৰ্মে তিনিজন বিটিচি বিধায়ক ক্ৰমে বিজনি সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী, কলাইগাওঁ সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো আৰু চাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উপস্থিত থাকি এই প্ৰতিবাদত সমৰ্থন জনায়।

এই প্ৰতিবাদত অংশগ্ৰহণ কৰা বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে নৰ্থ ইষ্ট নাওক জনায় যে “বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশমৰ্মে আজি আমি তিনিজন বিধায়ক এই প্ৰতিবাদত সমৰ্থন জনাবলৈ আহিছো। ফেডাৰেচনৰ ৬ দফীয়া দাবী আমি বিধান সভাৰ মজিয়াত উত্থাপন কৰিম।”

তদুপৰি তেওঁ এই দাবী সমূহৰ ওপৰত ফেডাৰেচনৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা কৰা হ’ব বুলি প্ৰতিবাদকাৰী সকলক আশ্বাস প্ৰদান কৰে।

তেওঁৰ মতে “ডি ভোটাৰৰ নামত স্থানীয় ভাৰতীয় লোকসকলক অত্যাচাৰ কৰা হৈছে।”

এই সন্দৰ্ভত তেওঁ কয় “মই নিজ চকুৰে জন্ম হোৱা মানুহক ডি-ভোটাৰ সজাই হাৰাশাস্তি প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত বিধান সভাৰ মজিয়াত দুবাৰকৈ প্ৰশ্ন উত্থাপন কৰিছিলো। তাৰ পিছত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিবৰ বাবে কৈছিল। সেই মতে মই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলো।”

লক্ষ্যণীয় যে বিধায়ক গৰাকী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পিছতো এই ডি-ভোটাৰ সমস্যাৰ সঠিক সমাধান পোৱা নাই বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সন্মুখত সদৰী কৰে।

ইয়াৰোপৰি তেওঁ অসম চৰকাৰক নিৰ্দোষী প্ৰকৃত ভাৰতীয় লোকসকলক বিদেশী সজাই হাৰাশাস্তি প্ৰদান নকৰিবৰ বাবে আহ্বান জনায়।

আনহাতে, এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কলাইগাওঁ সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োৱে কয় যে ইতিমধ্যে বিটিচি এলেকাত থকা ফেডাৰেচনৰ নেতৃবৰ্গৰ সৈতে থলুৱা বঙালীসকলৰ সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা হৈছে।

তদুপৰি বড়োৱে কিহৰ বাবে এটা পৰিয়ালৰ দুজন লোকৰ নাম ভোটাৰ তালিকাত থাকিলে অন্য দুজনৰ নাম নাথাকে সেই কথা বুজি নাপায় বুলি চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে।

এই সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিবৰ বাবে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা বুলি বড়োৱে সদৰী কৰে।

এই প্ৰতিবাদী কাৰ্য্যসূচীতে উপস্থিত থকা বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে প্ৰকৃত ভাৰতীয়ক ডি-ভোটাৰ সজোৱা ঘটনাক অসম চৰকাৰৰ এক ষড়যন্ত্ৰ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

এই সন্দৰ্ভত তেওঁ চৰকাৰক এই ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰি সঠিক সমাধান কৰিবৰ বাবে আহ্বান জনায়।

“সীমান্তত থকা ভাৰতীয় বঙালী লোকসকলক চক্ৰান্তমূলকভাৱে বিদেশী সজাই ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে। এই কথা বঙালী যুৱ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি দীপক দেই নৰ্থ ইষ্ট নাওক অৱগত কৰে।

এই সন্দৰ্ভত তেওঁ বাখ্যা আগবঢ়াই কয় যে “চৰকাৰী কাৰ্য্যালয় সমূহত ভাৰতীয় হিন্দু বঙালী হোৱাৰ পিছতো মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে। প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছো যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা হাতত নল’লে। সেয়েহে আমি আজি শেষবাৰৰ বাবে ধৰ্ণা কাৰ্য্যসূচীৰ জৰিয়তে অসমত বাস কৰা ভাৰতীয় বঙালী সকলক সম-মৰ্য্যদা, সম-অধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছো।”

তদুপৰি, প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰীলৈ ১৯৮৩ চনৰ অসম আন্দোলনত নিহত তথা ক্ষতিগ্ৰস্ত হোৱা বঙালীসকলৰ পৰিয়ালৰ লোকক স্বীকৃতি তথা সাহায্য প্ৰদান কৰা, ডিটেনশন কেম্পত আবদ্ধ থকা প্ৰকৃত ভাৰতীয় বঙালী সকলক মুকলি কৰা আৰু নগাঁও-কাছাৰ কাগজকল শীঘ্ৰে মুকলি কৰাকে ধৰি ছটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Related News