জনতা ভৱনত উপ-সচিবৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক

মুখ্য মন্ত্ৰী

আজি জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভা গৃহত উপ-সচিব সকলৰ সৈতে হোৱা মত-বিনিময়ৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপ-সচিব সকলক ‘সামৰ্থবান সৈনিক’ বুলি অভিহিত কৰি সততা আৰু উৎসৰ্গিত মনোভাৱেৰে দায়বদ্ধভাৱে সেৱা আগবঢ়াবলৈ কয়।

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে চৰকাৰী ফালল সমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী গৰাকীয়ে উপ-সচিব সকলৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ গ্ৰহণ কৰে। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে উপ-,চিব সকলক সচিবালয় প্ৰশাসনৰ সকলো পৰ্যায়তে নিয়াৰিকৈ পৰিচালিত কৰিব পাৰি তাৰ বাবে প্ৰয়োজনীয় আৰ্হি চৰকাৰে প্ৰস্তুত কৰিব বুলি আশ্বাস প্ৰদান কৰে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে জনতা ভৱনত কৰ্ম পৰিচালনাৰ বাবে স্থানৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি আৰু অধিক ভৱন নিৰ্মাণ কৰিব বুলি কয়। লগতে জিৰণি কোঠা, অধিক কেণ্টিং, শৌচালয়, প্ৰস্ৰাৱগাৰ নিৰ্মাণৰো ব্যৱস্থা কৰিব গ্ৰহণ কৰিব বুলি কয়।

আজিৰ অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব টি ৱাই দাস, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব জিষ্ণু বৰুৱা প্ৰমুখ্যে অন্যান্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।