জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্লিপ্ততাত হাফলঙত খোৱাপানীৰ হাহাকাৰ

20180422_131208

বৃহত্তৰ হাফলঙত খোৱাপানীৰ সমস্যাই জুৰুলা কৰিছে জনসাধাৰণক। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ শাসনৰ গাদীত সময়ে সময়ে যি দলে আহিছে খোৱাপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। আনহাতে হাফলঙৰ জনসংখ্যা দিনে দিনে বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে সম্প্ৰতি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চিইএম দেবোলাল গাৰ্লোছাৰ হাতত বিভাগটোৰ দায়িত্ব আছে যদিও কিন্তু গোটেই বিভাগটোৰ কাম- কাজ চোৱাচিতাৰ অলিখিত দায়িত্বত আছে পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচা। কিন্তু লাঙঠাচা যোৱা দুই বছৰ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত আছে যদিও বাস্তৱত তেনে একো কাম কৰা নাই। বিভাগৰ ভিতৰচ’ৰাৰ পৰা পোৱা অভিযোগ অনুসৰি ৰাণু লাঙঠাচাই পানী যোগান বিভাগটোৰ পাইপ যোগানতহে অধিক গুৰুত্ব দিছে।

অথচ পাইপ লাইন সংস্কাৰৰ কাৰণে নাই প্ৰয়োজনীয় সামগ্ৰী। অভিযোগ মতে ৰাণু লাংথাচাই দায়িত্ব লোৱাৰ পাছত পাইপ লাইন সংস্কাৰৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী যোগান নাইকীয়া হ’ল। নাই পৰ্যাপ্ত খালাচি। নাই প্লাম্বাৰ।

সোমবাৰে নৰ্থ ইষ্ট নাওৰ ফালৰ পৰা হাফলং কনভেন্ট ৰোডত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ Treatment Plantত উপস্থিত হোৱাত খোৱা পানী যোগানৰ বিধ্বস্ত দৃশ্য পৰিলক্ষিত হয়। ত্ৰিশ লাখ টকা ব্যয়েৰে ফিল্টাৰ হাউছ বনোৱা হৈছে যদিও কিন্তু ফিল্টাৰে কাম নকৰে। ফলত ফিল্টাৰহীনভাৱেই পানী যোগান ধৰা হৈছে। ইয়াৰ বাহিৰে মুক্ত আকাশৰ তলত আছে পানীৰ বিশাল আকৃতিৰ ৰিজাৰ্ভৰ। আনকি অস্বাস্থ্যকৰ পৰিৱেশতেই বিভাগে যোগান ধৰা পানী হাফসঙৰ ৰাইজে সদায় খাব লগা হৈছে।

কিন্তু বিভাগীয় কাৰ্যনিৰ্বাহী অভিযন্তাৰ পিনাকী শংকৰ কৰে কয় যে হাফলং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আন্তঃগাঁথনি বহু পুৰণি। প্ৰায় সাত দশক আগৰ। লগতে হাফলঙৰ জনসংখ্যাও কেইবা গুন বৃদ্ধি হৈছে। কিন্তু পানী যোগান আঁচনিৰ আন্তঃগাঁথনিৰ  উন্নয়ন হোৱা নাই। তেওঁ কয় যে অলপতে হাফলঙৰ বিধায়কৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিত চৰকাৰৰ চিগনেচাৰ আঁচনিৰ অধীনত খোৱাপানীৰ কাৰণে এক আঁচনিত অনুমোদন দিছে ৰাজ্য চৰকাৰে।

তথাপি বিভাগীয় কৰ্তপক্ষৰ মইমতালিৰ কাৰণে এতিয়া হাফলঙত ৰাইজে ত্ৰিশ- চল্লিশ দিনৰ মূৰে মূৰে পানী লাভ কৰিলেও এয়া পৰ্যাপ্ত নহয়। ৰাইজৰ অভিযোগ যে বাৰিষাৰ দিনত বোকা পানী যোগান ধৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে।