NORTHEAST NOW (Assamese)

জন্মভূমি মাজিৰগাঁৱত চহিদ ভাস্কৰ কলিতাক শ্ৰদ্ধাঞ্জলি : সাহসিকতা বঁটা প্ৰদানৰ আহ্বান

May 15, 2018 11:01 am · এন ই নাও নিউজ

বীৰ চহিদ ভাস্কৰ কলিতাৰ সোঁৱৰণত সোমবাৰে মাজিৰগাঁও বাসীয়ে অনুষ্ঠিত কৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। তিনিচুকীয়া জিলাৰ বৰডুমচাত ৪ মে’ত সন্ধিয়া আলফাৰ গুলীত নিহত হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰয়াত কলিতাৰ বাসগৃহৰ সমীপতে থকা মাজিৰগাঁও সেৱা সংঘ পুথি ভঁড়াল আৰু মাজিৰগাঁও কেন্দ্ৰীয় সমিতিৰ যৌথ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এখনি স্মৃতিচাৰণ সভা  অনুষ্ঠিত হয়।

চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে চহিদ কলিতাৰ সহধৰ্মিনী সংগীতা কলিতাই।

স্মৃতিচাৰণ সভাত অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰাক্তন সভাপতি ডঃ বলেন কলিতাই উপস্থিত থাকি বীৰ চহিদ ভাস্কৰ কলিতাই দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ নিজেই মৃত্যু বৰণ কৰিব লগা হ’ল আৰু আমি এগৰাকী দেশপ্ৰেমীক হেৰুৱাব লগা হোৱাত দুখ প্ৰকাশ কৰিছো। লগতে বীৰ চহিদ ভাস্কৰ কলিতাৰ আত্মাই সদগতি লাভ কৰক আৰু সদাই সকলোৰে বাবে প্ৰেৰণা হৈ থাকক বুলি মন্তব্য কৰে বলেন কলিতাই।

আনহাতে সভাত কলিতাৰ সহধৰ্মিণী সংগীতা বণিয়া কলিতাই কয় যে তেওঁৰ স্বামী ভাস্কৰ কলিতা বৰ্তমান পৰিয়ালৰ সদস্য হৈ থকা নাই তেওঁ ৰাইজৰ বুকুৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হোৱাত আমি এই শোকৰ দিনতো সান্তনা অনুভৱ কৰিছো।

সভাৰ শেষত সভাখনৰ সভাপতি সুভাষ শৰ্মাই কয় যে আৰক্ষী বিষয়াগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেওঁলোকে সকলো পদক্ষেপ গ্ৰহণ কৰিব।

স্থানীয় জনপ্ৰতিনিধি তথা ৰাইজৰ সহযোগত চহিদগৰাকীৰ স্মৃতি সৌধস্থলীত এটি স্থায়ী প্ৰতিমূৰ্তি নিৰ্মাণ, এখন পাৰ্ক নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা বুলি সদৰী কৰে। তেওঁ লগতে ভাস্কৰ কলিতাক মৰণোত্তৰভাৱে সাহসিকতাৰ বঁটা প্ৰদান কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰি এই সভাতেই এক প্ৰস্তাৱ গ্ৰহণ কৰে।

এই সভাত মাজিৰগাঁও সেৱা সংঘ পুথিভঁৰাল আৰু মাজিৰগাঁও  কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, দক্ষিণ কামৰূপ ছাত্ৰ সন্থা, মাজিৰগাঁও অঞ্চলৰ ৰাইজ, পলাশবাৰী পৌৰসভা, সাংস্কৃতিক বিকাশ ভৱন পলাশবাৰী, পলাশবাৰী ৰাস পৰিচালনা সমিতি, দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জা, মাজিৰগাঁৱৰ কেইবাখনো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Related News