NORTHEAST NOW (Assamese)

জাঁজীত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ২৪টা সংগঠনৰ ‘গণ বিক্ষোভ’

June 7, 2018 8:44 pm · ৰাজীৱ দত্ত

বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ৭ জুনত শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰিত ২৪টা দল-সংগঠনে গণ বিক্ষোভ কাৰ্যসূচী পালন কৰে।

প্ৰতিবাদী সমদলত প্ৰায় ৫০০ গৰাকী প্ৰতিবাদকাৰীয়ে ভাগ লয়।

জাঁজী আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, জাঁজী শাখা সাহিত্য সভা, জামুগুৰি নাট্য সমাজ কলা ভৱন, জাঁজী প্ৰেছ ক্লাব, জামুগুৰি সাৰ্বজনীন দুৰ্গোৎসৱ সমিতি, ফুলপানীছিগা ৰাসোৎসৱ ও কলাকৃষ্টি কেন্দ্ৰ, টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, জামুগুৰি ব্যৱসায়ী সন্থা, জাঁজী আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰ, জাঁজী  লেখিকা সন্থা, জাঁজী কৰ্মচাৰী পৰিষদ, জাঁজী শাখা কবি সন্মিলন, জাঁজী ব্যৱসায়ী সন্থা, জাঁজী দুৰ্গোৎসৱ উদযাপন সমিতি, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় ছাত্ৰ একতা সভা, জাঁজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ছাত্ৰী একতা সভা, জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভা, চন্দ্ৰধৰ গগৈ শংকৰদেৱৰ শিশু বিদ্যা নিকেতন ছাত্ৰ একতা সভা, জাঁজী ২নং জুমা মছজিদ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আহোম গণ মঞ্চই যৌথভাৱে এই গণ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

Related News