অসমৰ জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত হোৱা সভাত জনজাতীয় লোকসকলৰ বিভিন্ন সমস্যা আৰু দাবী সম্পৰ্কত আলোচনা কৰা হয়।
বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে জনজাতীয়সকলৰ বাবে ৰাষ্ট্ৰীয় আয়োগত অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা অথবা অসম অসামৰিক সেৱাৰ বিষয়াক সদস্যভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি জনায়।
আনহাতে ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলক ভূমিৰ পট্টা দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সোণোৱালে আলোচনাৰ সময়ত উল্লেখ কৰে।
মুখ্য মন্ত্ৰীয়ে কয় যে বেদখল মুক্ত কৰাৰ অভিযান নিৰন্তৰ চলাই থকা হ’ব। সমন্বয়ৰক্ষী সমিতিয়ে জনোৱা ১২ টা দাবী চৰকাৰে গভীৰভাৱে অধ্যয়ন কৰিব আৰু এই সম্পৰ্কত যি সিদ্ধান্ত লোৱা হয় পৰৱৰ্তী সময়ত সমন্বয়ৰক্ষী সমিতিক জনোৱা হ’ব বুলি সোণোৱালে কয়।
আজিৰ এই বৈঠকত জনজাতি পৰিক্ৰমা মন্ত্ৰী চন্দন ব্ৰহ্ম, বিধায়ক ডাঃ ৰণোজ পেগু, সদৌ অসম ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা, দেউৰী ছাত্ৰ সন্থা, মদাহি জনজাতি ছাত্ৰ সন্থা, তিৱা, হাজং, কাৰ্বি, ডিমাছা, টি এম পিকে ধৰি জনজাতীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ উপস্থিত আছিল।