NORTHEAST NOW (Assamese)

জাগুনত এ কে ৪৭ ৰাইফল, পিস্তলসহ এন ডি এফ বি(স)ৰ ৩জন দুৰ্ধৰ্ষ কেডাৰ আটক

July 20, 2018 6:37 am · মানস প্ৰতিম গগৈ
তিনিচুকীয়াৰ জাগুনৰ পৰা আৰক্ষী আৰু সেনাৰ অভিযানত আটক হোৱা এন ডি এফ বি (স)ৰ কেডাৰ ৩ জন। ফটো : মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনৰ নাগাডুবি ৱাৰা বস্তিৰ পৰা বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত জাগুন আৰক্ষী আৰু ১৩ নং অসম ৰাইফলছে অভিযান চলাই মাৰণাস্ত্ৰসহ এন ডি এফ বি (স)ৰ ৩জন দুৰ্ধৰ্ষ কেডাৰক  আটক  কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ পম খেদি আটকাধীন কেডাৰ কেইজনক আটক কৰিবলৈ সক্ষম হয়। এন ডি এফ বি (স)ৰ উগ্ৰপন্থী কেইজনক ক্ৰমে অজয় নাৰ্জাৰী, স্বমকৱৰ নাৰ্জাৰী আৰু জেংপুৰ বাৰ্মা  বুলি চিনাক্ত কৰা হৈছে।

আটক কৰা এন ডি এফ বি (স)ৰ কেডাৰকেইজনৰ পৰা জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ। ফটো : মানস প্ৰতিম গগৈ

উগ্ৰপন্থী কেডাৰকেইজনৰ পৰা এটা এ,কে ৪৭ ৰাইফল, ১টা মেগজিন, দুটা পিস্তল, কেইবাজাইও সজীৱ গুলী জব্দ  কৰাৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

সেনাৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি আন্ত:ৰাষ্ট্ৰীয় ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি অৰুণাচল সীমা পাৰ হৈ অসমৰ জাগুন নাগাডুবি ৱাৰা বস্তিত এন ডি এফ বি (স)ৰ দুৰ্ধৰ্ষ কেডাৰ কেইজনে বাহৰ পাতি আছিল।

আনহাতে, অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটক কৰা উগ্ৰপ্ৰন্থী সদস্য কেইজনৰ জেৰা অব্যাহত ৰখাৰ লগতে অসম-অৰুণাচল সীমামূৰীয়া অঞ্চলত সেনাই উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰখা বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে ।

 

Related News