জাগুনত ড্ৰাগছৰ সৈতে হাতে-লোটে ধৰা পৰিল এসময়ৰ ড্ৰাগছ বিৰোধী সজাগতা কৰ্মী

Drug peddler

এসময়ত ড্ৰাগছ বিৰোধী সজাগতা কৰ্মী হিচাপে অসম-অৰুণাচল সীমান্তৰ জাগুনত পৰিচিত হৈ উঠা এগৰাকী যুৱক নিষিদ্ধঘোষিত ব্ৰাউন ছুগাৰসহ হাতে-লোটে আৰক্ষীৰ জালত ধৰা পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আটকাধীন লেখপানীৰ কাৰপোংপুলি গাঁৱৰ শ্ৰীকান্ত পেগুৰ পুত্ৰ নোমল পেগু (২৯) অঞ্চলটোৰ ড্ৰাগছ বিৰোধী অভিযানসমূহৰ এক চিনাকী নাম আছিল।

স্থানীয় বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত থকা যুৱকজনে ড্ৰাগছৰ চোৰাং বেপাৰ কৰি অহাৰ কথা জানিব পাৰি অঞ্চলটোৰ লোকসকল হতভম্ব হৈ পৰিছে।

প্ৰাপ্ত তথ্য মতে লেখাপানী আৰক্ষী থানাত ইতিমধ্যে ৰুজু হৈ থকা এক গোচৰৰ ভিত্তিত কালি বিয়লি জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে লাকলা চাহ সমীপত অভিযান চলাই যুৱকজনক আটক কৰে।

ধৃত যুৱকজনৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ ব্ৰাউন ছুগাৰখিনিৰ ওজন ১০ গ্ৰাম বুলি জানিব পৰা গৈছে।

সাংবাদিকৰ আগত তেওঁ দিয়া স্বীকাৰোক্তি অনুসৰি ডিগবৈৰ পৰা ড্ৰাগছৰ চোৰাং বেপাৰীয়ে তেওঁক জাগুনত ড্ৰাগছ দি যোৱাৰ পিছত তেওঁ সমীপৰ জয়ৰামপুৰ, বৰডুমছা, মিয়াউ, খাৰছাং আদি ঠাইত এই সমগ্ৰীসমূহৰ যোগান ধৰে।

অসম অৰুণাচল সীমান্তত নিষিদ্ধঘোষিত ড্ৰাগছৰ বিৰুদ্ধে স্থানীয় আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকাক প্ৰসংশা কৰি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই এইক্ষেত্ৰত সচেতন নাগৰিক আৰু সংগঠনসমূহৰ সহযোগিতা কামনা কৰে।

ধৃত ড্ৰাগছ ব্যৱসায় নোমল পেগুক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।