জানুৱাৰিতে ছিকিমত অনুষ্ঠিত হ’ব জ’ৰেথাঙ মাঘে মেলা

দক্ষিণ ছিকিমৰ জ’ৰেথাঙত অনুষ্ঠিত হোৱা জ’ৰেথাঙ মাঘে মেলা হৈছে ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ উৎসৱসমূহৰ ভিতৰত অন্যতম। কৃষি মেলাৰ পৰা আৰম্ভ কৰি বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহলৈকে সামৰি লোৱা এই মেলাখন জ’ৰেথাঙত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ১৯৫৫ চনত।

এই মেলাই স্থানীয় লোকৰ লগতে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰি আহিছে। ভাৰতৰ অন্যান্য প্ৰান্তত মকৰ সংক্ৰান্তি হিচাপে পৰিচিত এই উৎসৱটো সাধাৰণতে জানুৱাৰি মাহৰ মাজভাগত তিনিদিন ধৰি পালন কৰা হয়। প্ৰতি বছৰে এই উৎসৱ ১৪ জানুৱাৰিৰ দিনটোতে আৰম্ভ হয়।

মকৰ বুলি পৰিচিত গা-ধোৱা উৎসৱটো পালন কৰা হয়। ইয়াত ৰাইজে তিস্তা আৰু ৰণজিৎ নৈৰ পানীত ডুব মাৰি সংক্ৰান্তিৰ স্নান কৰে। বিভিন্ন সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শনীৰ বাবে কেইবা শও বিপণী স্থাপন কৰা হয়। এই মেলাত বিপুল জন সমাৱেশ লক্ষ্য কৰা যায়।