জিনজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক আইন, ২০১৬ বাতিলৰ দাবীত আছুৰ বিক্ষোভ-প্ৰতিবাদ 

IMG-20180529-WA0023

মঙলবাৰে বিশ্বনাথৰ  জিনজিয়াত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক আইন, ২০১৬’ বাতিল কৰা আৰু অসম চুক্তি ৰূপায়ণ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰা হয়। জিনজিয়া  আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ‘চাহ জনজাতি ছাত্ৰ সন্থা বিহালী শাখা’, ‘গোর্খা ছাত্ৰ সন্থা’, ‘আদিবাসী ছাত্ৰ সন্থা’ৰ লগতে ‘জিনজিয়া বণিক সংস্থা’, ‘ৰটুৱা মহিলা সমিতি’, ‘মুছলিম সমাজ’, ‘বেংগলী সমাজ’কে ধৰি বৃহত্তৰ জিনজিয়াবাসী ৰাইজৰ একান্ত সহযোগত এক বিশাল প্ৰতিবাদী সমদলৰ জৰিয়তে এই বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়।

সহস্ৰাধিক লোকে এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ‘নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ বাতিল কৰক’, ‘অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক’, ‘১৯৭১ চনৰ পিছত অহা হিন্দু বাংলাদেশীয়ে হওঁক মুছলমান বাংলাদেশীয়ে হওঁক সকলো অসম এৰি যাবই লাগিব’, ‘অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়’ ইত্যাদি শ্লোগানেৰে জিনজিয়াৰ  আকাশ-বতাহ কপাঁই তোলে।

জিনজিয়াৰ ৰাজপথ উত্তাল কৰা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মঃ আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি নিতু বৰা, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা , আটছাৰ বিহালী শাখা সভাপতি বাবুল গোৱালা, বিশ্বনাথ জিলা গোর্খা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ গজুৰেলকে আদি কৰি নেতৃস্থানীয় ব্যক্তি আৰু সমাজ কৰ্মীসকলে।

বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী ৰাইজৰ সহযোগত এই বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি উপামন্যু আৰু সম্পাদক কৰিম আলীৰ লগতে বিক্ষোভত অংশগ্ৰহণকাৰী প্ৰতিবাদী জনতাই বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।