NORTHEAST NOW (Assamese)

জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডিআইডি লিটল মাষ্টাৰ্ছৰ চিজন ৪ত সহ ঘোষিকাৰ দায়িত্বত ‘ড্ৰামেবাজ’ তমন্না

March 28, 2018 11:31 am · এন ই নাও নিউজ

ৰাষ্ট্ৰীয় টেলিভিশ্যনৰ জৰিয়তে অসমৰ মানসী চহৰীয়া আৰু বিকাশ শৰ্মাই সকলোৰে হৃদয় জিনিবলৈ সক্ষম হোৱাৰ পাছতে এতিয়া ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত জিলিকিছে আন এগৰাকী অসম সন্তান তমন্না দীপক ।

ৰাষ্ট্ৰীয় টেলিভিশ্যন জি টিভি যোগে সম্প্ৰচাৰিত জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডিআইডি লিটল মাষ্টাৰ্ছৰ চিজন ৪ত এইবাৰ নলবাৰীৰ তমন্না দীপক। তমন্না পিছে এইবাৰ প্ৰতিযোগী হিচাপে নহয়, শ্ব’টোৰ সহকাৰী ঘোষিকা হিচাপেহে সকলো দৰ্শককে আপ্লুত কৰিবলৈ ওলাইছে।

উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে এনেদৰে অসমৰ শিশুৱে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত কোনো ৰিয়েলিটি শ্ব’ৰ ঘোষিকা হিচাপে দায়িত্ব পালন কৰাৰ সুযোগ লাভ কৰিছে। অতি প্ৰতিভাৱান তথা বলীউড ক্ষেত্ৰৰ পৰা অনুপ্ৰাণিত তমন্যাই ইতিমধ্যে নিজৰ প্ৰতিভাৰ উমান দি থৈছে ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজ চিজন ২ৰ জৰিয়তে।

ৰিয়েলিটি শ্ব’ ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা তমন্নাই ইতিমধ্যে বিভিন্ন বিজ্ঞাপনত অভিনয় আৰু জি টিভিৰ এৱাৰ্ড প্ৰগ্ৰেমতো ঘোষিকা হিচাপে দায়িত্ব পালন কৰিছে।

বাকপটুতা আৰু কথনশৈলীৰে সুন্দৰ উপস্থাপনৰ বাবে এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা তমন্না দীপক এতিয়া সাজু হৈছে ডিআইডি লিটল মাষ্টাৰ্ছৰ জৰিয়তে দৰ্শকক আকৰ্ষিত কৰিবলৈ।

উল্লেখ্য যে জি টিভি যোগে প্ৰচাৰিত ৰিয়েলিটি শ্ব’ ডিআইডি লিটল মাষ্টাৰ্ছৰ এইবাৰ চতুৰ্থ সংস্কৰণ। ১৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্বত থাকিব মোহময়ী অভিনেত্ৰী চিত্ৰংগদা সিং আৰু ছবি পৰিচালক সিদ্ধাৰ্থ আনন্দ।

এই ১৬গৰাকী প্ৰতিযোগীৰ থাকিব একোজনকৈ কেপ্তেইন। আৰু কেপ্তেইন কেইজনৰ দায়িত্বত থাকিব চাৰিজনকৈ প্ৰতিযোগী। মনকৰিবলগীয়া যে এইবাৰ শ্ব’টোৰ অন্যতম কেপ্তেইন হিচাপে থাকিব আন এগৰাকী অসম সন্তান তথা ডিআইডি লিটল মাষ্টাৰ্ছৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন জীতুমণি কলিতা।

দীপক চৌধুৰী আৰু অৰুণিমা ভূঞাৰ সু-সন্তান তমন্না দীপক বৰ্তমান দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। তমন্নাৰ এই সাফল্যত সমগ্ৰ অসমবাসীৰ লগতে নলবাৰীবাসীয়েও জনাইছে আন্তৰিক শুভকামনা।

নৰ্থ-ইষ্ট নাওৰ পৰিয়ালৰ তৰফৰ পৰাও তমন্নাক আগবঢ়াইছো অলেখ শুভকামনা আৰু মৰম।

Related News