• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত ধৰ্ষণকাৰীক উলংগ কৰি খোজ কঢ়োৱাৰ পিছত ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ : ন্যায়িক জিম্মালৈ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 10:47 am
Rape_Accused
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ সদৰঠাই য়িংকিয়ঙত ধৰ্ষণত অভিযুক্ত দুজন অভিযুক্তক উলংগ কৰি বজাৰৰ মাজেৰে আৰু ৰাজপথত  খোজ কঢ়োৱাৰ লগতে ৰাজহুৱাকৈ পিটন দিয়াৰ পিছত দুয়োজনকে ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱা হয়। অভিযুক্ত দুজনক ক্ৰমে টানি মিবাং (২১) আৰু তপলি জামোহ (২০) বুলি চিনাক্ত কৰা হৈছে। আনহাতে ধৰ্ষণকাণ্ডটোত জড়িত আন দুজন এতিয়াও পলাতক অৱস্থাত। পলাতককেইজনক ক্ৰমে কাজাং তাতিন (১৮) আৰু টাকিয়াম মাইজ (২০) বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ অসমৰ দৰে অৰুণাচল প্ৰদেশকো ধৰ্ষণকাণ্ডই জোকাৰি গৈছে। যোৱা ২৫ মাৰ্চৰ ৰাতি চাৰিজন লোকে উজনি চিয়াং জিলাৰ য়িংকিয়ঙৰ ওচৰৰ কাৰ্কো গাৱঁৰ এগৰাকী ১৭ বছৰীয়া দশম শ্ৰেণীৰ ছোৱালীক দলবদ্ধ ধৰ্ষণ কৰিছিল। ধৰ্ষণকাৰীৰ এজনৰ সৈতে ছোৱালীগৰাকীৰ চিনাকি তথা বন্ধুত্ব আছিল। এখন অৰ্ধ নিৰ্মিত দলঙৰ ওচৰত বন্ধুক লগ ধৰিবলৈ যাওঁতে বন্ধুৱেক আৰু তেওঁৰ তিনিজন লগৰীয়াই ছোৱালীজনীক ধৰ্ষণ কৰে বুলি প্ৰকাশ। পিছত ছোৱালীজনীক ৰাতি ২ বজাত ঘৰৰ ওচৰত নমাই থৈ যোৱা হয়। ছোৱালীজনীৰ অভিভাৱকে পিছদিনা আৰক্ষীক গোচৰ দিয়াৰ লগতে স্থানীয় ৰাইজে দুজন অভিযুক্তক ধৰে। দুয়োকে আৰক্ষীৰ হাতত তুলি দিয়াৰ পূৰ্বে উলংগ কৰি ৰাজপথত খোজ কঢ়োৱাৰ লগতে ৰাজহুৱা পিটন দিছিল। দুয়োজনকে ইতিমধ্যে ন্যায়িক জিম্মাত দিয়া হৈছে।

Apply Now

আনহাতে এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ গৃহ বিভাগৰ মন্ত্ৰী কুমাৰ ৱায়ে ঘটনাটোৰ গৰিহণা দিয়াৰ লগতে ভুক্তভোগী উপযুক্ত ন্যায় প্ৰদানৰ আশ্বাস দিছে। তেওঁ সকলোকে এনেকুৱা অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত সহযোগিতা আগ বঢ়াবলৈ আহ্বান জনায়। তেওঁ সকলোকে সজাগ আৰু সতৰ্ক থাকিবলৈ আহ্বান জনায়।

আনহাতে অভিযুক্তকেইজনক ৰাজপথত নগ্ন কৰি খোজ কঢ়োৱা আৰু ৰাজহুৱা পিটন দিয়া সন্দৰ্ভত তেওঁ কয় যে সকলোৱেই আইন হাতত তুলি লোৱাৰ পৰা বিৰত থকা উচিত। অপৰাধীক আৰক্ষীৰ হাতত গতাই দিয়াৰ বাবেহে তেওঁ আহ্বান জনায়। তেওঁ লগতে আৰক্ষীক এইবোৰ বিষয়ত অধিক সংবেদনশীল আৰু ক্ষিপ্ৰতাৰে কাম কৰিবলৈ কয়।

মন কৰিব লগীয়া যে যোৱা ১৭ ফেব্ৰুৱাৰিতো এজন ধৰ্ষণকাৰীক ৰাইজে জেইলৰ পৰা উলিয়াই আনি উলংগ কৰি ৰাজপথত খোজ কঢ়াইছিল। লগতে থানাও লণ্ড-ভণ্ড কৰিছিল। অভিযুক্তজন আছিল এজন শিক্ষক, যিজনে এজনী ছবছৰীয়া ছোৱালীক ধৰ্ষণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd