জীৱিত ব্যক্তিক মৃত সজাই বীমাৰ ধন আত্মসাতৰ ফন্দি : নগাঁৱত তিনিজনক গ্ৰেপ্তাৰ

arrest11

প্রতিনিধিত্বমূলক ফটো

এসপ্তাহ পুৰ্বে হোজাইৰ ডবকাত মৃত ব্যাক্তিৰ নামত বীমাৰ ধন আত্মসাৎ কৰিব বিচৰা ঘটনাত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ নগাঁৱত জীৱিত ব্যক্তিক মৃত সজাই বীমাৰ ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ আন এক তথ্য পোহৰলৈ আহিছে।

এনেদৰে জীৱিত ব্যক্তিক মৃত সজাই বীমাৰ ধন আত্মসাৎ কৰাৰ লগত একাংশ গাওঁবুঢ়া, শ্মশান, কবৰস্থানৰ লগত জড়িত ব্যক্তিৰ লগতে একাংশ দুস্কৃতিকাৰী জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি, নগাঁৱতো এনে এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

এই সংক্ৰান্তত নগাঁও আৰক্ষীয়ে মঙলবাৰে নিশা তিনিজন লোকক পল্টন বজাৰ আৰক্ষী থানাৰ পৰা নিজৰ জিম্মাত লৈছে। এই লোক কেইজনক পল্টন বজাৰ আৰক্ষীয়ে গুৱাহাটীৰ এনে এক গোচৰৰ সংক্ৰান্তত ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছিল। নগাঁৱৰ আৰক্ষীয়ে ২১০২/১৮ নম্বৰ গোচৰত বুধবাৰে পল্টন বজাৰ আৰক্ষীৰ পৰা তেওঁলোকক নিজৰ জিম্মাত লৈ গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই তিনিজন লোক হ’ল – লখিমপুৰ ঘিলামৰাৰ  ডাঃ কমল চন্দ্ৰ গগৈ, হোজাই জিলাৰ ডবকাৰ বগীৰাম গাঁৱৰ মৌলানা হিলাল আহমেদ আৰু ডবকাৰ ১০ নং ৱাৰ্ডৰ আকলিমা বেগম। উল্লেখ্য, ইয়াৰে ডাঃ গগৈ ডবকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক। ডবকাৰ চামচুল হক চৌধুৰীৰ পত্নী আকলিমা বেগম ডাঃ গগৈ আৰু মৌলানা হিলাল আহমেদ মিলি চামচুল হকক মৃত সজাই আই চি আই চি আই বীমা কোম্পানীৰ পৰা বুজন পৰিমাণৰ ধন সৰকোৱাৰ ফন্দি  কৰিছিল।

এই সম্পৰ্কে বীমা কোম্পানীটোৰ নগাঁও শাখাই  সদৰ থানাত গোচৰ দাখিল  কৰাত আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰি এইদৰে বীমাৰ ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নগাঁও আৰক্ষীয়ে বুধবাৰে তিনিওকে আদালতত হাজিৰ কৰাই অধিক তথ্য সংগ্ৰহৰ বাবে তেওঁলোকক তিনি দিনৰ নিজৰ জিম্মাত লয়।