যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে পেটাৰ ‘হিৰ’ টু এনিমেলছ’ বঁটা লাভ কৰিব। পীপ্ল ফৰ ইথিকেল ট্ৰীটমেণ্ট অব এনিমেল (ইণ্ডিয়া) অৰ্থাৎ ‘পেটা’ই শেহতীয়াভাৱে শিল্পীগৰাকীয়ে জীৱ-জন্তুৰ অধিকাৰ সম্পৰ্কে সচেতনতা দেখুওৱা তথা কামাখ্যা মন্দিৰত ম’হ বলিৰ বিৰোধিতা কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হ’ব।
শেহতীয়াভাৱে শিল্পী জুবি গাৰ্গে খোদ কামাখ্যাৰ চৌহদত অনুষ্ঠিত এখন বিহুমেলাত ধৰ্মৰ নামত কামাখ্যাত জীৱ বলি দিয়াৰ বিৰোধিতা কৰিছিল।
এই বঁটা লাভ কৰা অন্যন্য সকলৰ মাজত আছে গাড়ীয়ে খুন্দিওৱা কুকুৰ এটা উদ্ধাৰ কৰা আছিন, এটা ষাঁড়ৰ ওপৰত উঠিবলগীয়া হোৱা বাবে ষ্টাণ্ট কৰাত অমান্তি হোৱাৰ বাবে চাইৰাছ ব্ৰছাক, ৰাস্তাৰ পৰা এটা মেকুৰীক ৰক্ষা কৰাৰ বাবে জেৰিণ খানক আৰু ফিল্মৰ ছেটত এটা বিপদত পৰা কুকুৰক সহায় কৰাৰ বাবে ৰাণী মুখাৰ্জীক, বৰষুণত গাড়ীয়ে খুন্দিওৱাৰ পৰা এটা কুকুৰ পোৱালীক ৰক্ষা কৰাৰ বাবে ছাদা ছয়িদক, চাৰ্কাছৰ জন্তুৰ কষ্টৰ জীৱন সম্পৰ্কে গণ-সচেতনতাৰ সৃষ্টি কৰাৰ বাবে শিল্পা ছেট্টিক, এটা কুকুৰ পোৱালীক নিৰ্যাতনৰ পৰা উদ্ধাৰ কৰাৰ বাবে অনিন্দ্ৰিতা ৰয়ক আৰু নিজৰ প্ৰডাকশ্যন হাউছ বৰ্ন ফ্ৰীৰ জড়িয়তে গৃহহীন জন্তুৱে কেনেদৰে পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰে তাক দেখুওৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব।