NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহেৰে নলবাৰী থানাত এজাহাৰ হিন্দু জাগৰণ মঞ্চ আৰু ৰুদ্ৰ সেনা অসমৰ

July 17, 2018 10:43 am · এন ই নাও নিউজ
ফাইল ফটো

ফিনলেণ্ডত বিশ্ব জয় কৰি দেশক গৌৰৱান্বিত কৰা হিমা দাসক বিভিন্ন জনে অভিনন্দন জনোৱাৰ সময়তে অসমীয়া সংগীত জগতৰ তাৰকা তথা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে কৰা এক মন্তব্যই এতিয়া জোকাৰণি তুলিছে সমগ্ৰ অসমতে।

উল্লেখ্য যে ফিনলেণ্ডত অনুষ্ঠিত হোৱা এথলেটিকছৰ বিশ্ব জুনিয়’ৰ প্ৰতিযোগিতাত মহিলাৰ ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰা হিমা দাসক গো মাংস খাবলৈ পৰামৰ্শ আগবঢ়াইছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। জুবিনে এই সম্পৰ্কত কয় যে হিমাই আগন্তুক এছিয়ান গেইমছ আৰু অলিম্পিকত পদক অৰ্জন কৰিবলৈ হ’লে নিজৰ শক্তি বৃদ্ধি কৰিব লাগিব। আৰু ইয়াৰ বাবে তেওঁ গো মাংস খোৱাটো প্ৰয়োজনীয়।

জুবিনে কৰা এই মন্তব্যৰ পাছতে অসমৰ সমগ্ৰ হিন্দু সমাজ গৰজি উঠা পৰিলক্ষিত হৈছে। ছ’চিয়েল মিডিয়াটো আৰম্ভ হৈছে জুবিন বিদ্ৰোহ। কোনো কোনো অঞ্চলত দেখা গৈছে জুবিনৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ।

ঠিক সেইদৰে হিন্দু সমাজক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে নলবাৰীৰ ৰাজপথত হিন্দু জাগৰণ মঞ্চ আৰু ৰুদ্ৰ সেনা অসমে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে জুবিন গাৰ্গ মুৰ্দাবাদ ধ্বনি দি হৰিমন্দিৰ চ’কত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

ইয়াৰ উপৰি হিন্দু জাগৰণ মঞ্চ আৰু ৰুদ্ৰ সেনা অসমৰ নলবাৰী জিলা সমিতিয়ে জুবিনৰ বিৰুদ্ধে নলবাৰী থানাত এখন এজাহাৰো দাখিল কৰে।

সাম্প্ৰদায়িক মন্তব্যৰে হিন্দু সমাজক হেয় পতিপন্ন কৰিব খোজা জুবিন গাৰ্গে ৰাজহুৱা ক্ষমা নুখুজিলে নলবাৰীত জুবিনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিয়ে সংগঠন দুটাই৷

Related News