NORTHEAST NOW (Assamese)

জুলাইত গৰমৰ বন্ধৰ মাজতে দুদিনীয়াকৈ ‘অসম বন্ধ’

June 27, 2018 7:55 pm · অনিৰ্বাণ পাঠক
Updated: June 27, 2018 9:26 pm
প্ৰতিনিধিত্বমূলক ছবি

জুলাইৰ গৰমৰ বন্ধৰ মাজতে আহি আছে দুদিনীয়া (৪৮ ঘণ্টীয়া) অসম বন্ধ। জনজাতিকৰণৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকাৰ পিছত বিজেপিয়ে দিয়া ৰামঠগনৰ প্ৰতিবাদত অসমৰ ৬টা জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া মঞ্চ জনগোষ্ঠীয় ঐক্য মঞ্চই অহা ২৩ আৰু ২৪ জুলাইত ৪৮ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে।

‘২৩ আৰু ২৪ জুলাইত মঞ্চৰ আহ্বানত ৪৮ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰা হৈছে,’ আজি ২৭ জুনত নৰ্থ ইষ্ট নাও-ক জনাই সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে।

উল্লেখযোগ্য যে নাগৰিকৰ মৌলিক অধিকাৰৰ উলংঘা কৰা বুলি অভিহিত কৰি পূৰ্বে দেশৰ উচ্চতম ন্যায়ালয়ৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়েও ‘বন্ধ’ক ‘অবৈধ আৰু অসাংবিধানিক’ বুলি ঘোষণা কৰিছিল।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আজি জনজাতিকৰণ দাবী কৰা মঞ্চৰ ধৰ্মঘট কাৰ্য্যসূচীত মৰাণে এই কথা ঘোষণা কৰে।

অসমৰ জনগোষ্ঠীকেইটাক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি অহাৰ বাবে কংগ্ৰেছ আৰু বিজেপি দুয়ো দলকে প্ৰতিবাদকাৰীসকলে কঠোৰ ভাষাৰে সমালোচনা কৰে।

Related News