• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অটল অতুল : সৃষ্টিনগৰৰ নিৰ্মাণৰ কাম বন্ধ নহ’লে চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হ’বলৈও সাজু বিধায়ক বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 27, 2018 7:24 pm
অতুল বৰা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চৰকাৰৰ দলৰ মানুহ মই, যেতিয়ালৈকে এইবোৰ চলি থাকিব, তেতিয়ালৈকে মই মাত মাতি যাম, কৰ্তৱ্য পালন কৰি যাম। চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰৰ সৈতে সংঘাত লাগিবলৈ ১ মিনিটো সময় নালাগিব, তেনেকুৱাধৰণৰ পদক্ষেপ ল’বলৈ মই সাজু আছো।‘

আজি বিধায়ক আৱাসত দিচপুৰৰ বিধায়ক অতুল বৰাই সংবাদ মেল অনুষ্ঠিত কৰি পুনৰ সৃষ্টিনগৰ নিৰ্মাণৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে।

Apply Now

তেওঁ লগতে কয়, ‘অৱশ্যে চৰকাৰে গা এৰা নিদিব, আশা আছে চৰকাৰে কিবা ব্যৱস্থা হাতত ল’ব।‘

আনহাতে, উক্ত সংবাদ মেলতে শাসকীয় দলৰ বিধায়ক হৈয়ো চৰকাৰক প্ৰশ্ন উত্থাপন কৰি বৰাই কয়, ‘চূণচালিত পাহাৰ খনন কাৰ্য্য চলি থকাৰ সময়ত চৰকাৰৰ কোনো এটা বিভাগ নাছিল নেকি?’

তেওঁ লগতে  ‘পূৰ্বৰ সৃষ্টি নগৰৰ নামটো সলাই একে প্ৰকল্পৰে কাম আৰম্ভ কৰিছে’ বুলি উল্লেখ কৰি কয় যে ইয়াৰ কাৰণ হৈছে সৃষ্টিনগৰ নিৰ্মাণ কৰাৰ বাবদ বৈধ কোনো কাগজ-পত্ৰ নাছিল।

‘বৈধতা নথকা কাগজ-পাতিসমূহ তেওঁলোকে ক’ৰ পৰা কেনেকৈ সংগ্ৰহ কৰিছিল,’-বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘চৰকাৰে জিলা প্ৰশাসনৰ জৰিয়তে তদন্ত চলাই থকাৰ মাজতে কেনেকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা কিছুমান ঘৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। এইটো এটা ৰহস্যজনক বিষয়।‘

‘কোনো বৈধ অনুমতি নোহোৱাকৈয়ে এনে ডাঙৰ প্ৰকল্প নিৰ্মাণ কৰিবলৈ তেওঁলোকে কেনেকৈ সাহস কৰিলে?’-এইদৰে প্ৰশ্ন কৰে বিধায়ক অতুল বৰাই।

চৰকাৰৰ বন বিভাগ, জিএমডিএ, জিলা প্ৰশাসন আৰু জিএমচি যদি এই নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়িত নাই তেন্তে তেওঁলোকে কেনেকৈ নিজকে নিৰ্দোষী হিচাপে প্ৰমাণ কৰিব বুলিও প্ৰশ্ন কৰে সৃষ্টিনগৰ নিৰ্মাণৰ বিৰুদ্ধে সদা সৰৱ অতুল বৰাই।

বিধায়ক হিচাপে তেওঁ বাধা দিবলগীয়া হ’ল বুলি কোৱাৰ উপৰিও তেওঁ প্ৰশ্ন কৰে যে চৰকাৰীভাৱে ব্যৱস্থাগ্ৰহণ কৰিবলগীয়া একো নাছিল নেকি?

আনহাতে, কামৰূপ জিলা প্ৰশাসনৰ ডাঙৰ ডাঙৰ চৰকাৰী বিষয়াসকলে চূণচালিত বনভোজ খাবলৈ যায় বা মাজে মাজে ফুৰিবলৈ যায় বুলি উল্লেখ কৰি তেওঁ কয়,  ‘তেওঁলোকৰ সৃষ্টিনগৰ নিৰ্মাণত নিশ্চয় অংশ আছে, সেয়েহে এইবোৰ প্ৰকল্প নিৰ্মাণ হৈ থকাৰ পাছতো তেওঁলোকে নেদেখা ভাও জুৰি আছে।‘

তেওঁ লগতে কয়, ‘চূণচালিৰ সেই অঞ্চলসমূহ সেউজ হৈ থাকিব দিব লাগে চৰকাৰে। তদুপৰি তেওঁ চৰকাৰক আহ্বান জনাই কয় যে এইবোৰ তন্ন-তন্নকৈ পৰীক্ষা কৰি দোষীক শাস্তি বিহিব লাগে।

উক্ত সংবাদমেলত ফাঁচীবজাৰৰ ব্যস্ততাপূৰ্ণ অঞ্চলত ৱাকিং জ’ন নিৰ্মাণ প্ৰসংগটো যুক্তিহীন বুলি উল্লেখ কৰাৰ লগতে বৰাই কয় যে ফাঁচিবজাৰৰ ব্যস্ত পথটো কিহৰ স্বাৰ্থত দেওবাৰৰ দিনটো ৱাকিং জ’ন কৰিবলগীয়া হ’ল সেই কথা ৰহস্যজনক। চূণচালিৰ লগতে এইবোৰ ঠাইতো প্ৰকৃতিৰ সেউজীয়া ৰূপ ধৰি ৰাখিবৰ বাবে চৰকাৰে চিন্তা কৰিব পাৰে।‘

‘ৱাকিং জ’ন নিৰ্মাণ কৰি চাৰিওফালে ফাষ্টফুডৰ দোকানসমূহ হৈছে, মানুহে তাত আহাৰ গ্ৰহণ কৰি পেট বেয়া হৈছে, সেয়েহে ৱাকিং জ’ন বন্ধ কৰিব লাগে। স্বাস্থ্য ভলে ৰাখিবলৈ খোজ কাঢ়ি যদি পেটৰ বাবে অপকাৰী ফাষ্টফুড খায়, সেইটো কেনেকুৱা কথা হ’ব?’- সংবাদ মেলত অতুল বৰাই মন্তৱ্য কৰে।

তেওঁ ফাঁচিবজাৰস্থিত পুৰণা জেইলৰ ফালে ৱাকিং জ’ন কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনায়।

 

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd