জে ডি (ইউ)ৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ সৰ্বসন্মত সিদ্ধান্ত

নীতিশ কুমাৰ

জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰ নেতৃত্বাধীন  জে ডি (ইউ)ৰ দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে। নতুন দিল্লীৰ যন্তৰ-মন্তৰত অনুষ্ঠিত জনতা দল (সংযুক্ত)ৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত দলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈ যোৱাৰ পিছত দলটোৰ সাধাৰণ সম্পাদক কে চি ত্যাগীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিধেয়কখন দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ প্ৰতি ভাবুকি আৰু সেয়েহে দলে ইয়াৰ বিৰোধিতা কৰিছে। তেওঁ কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহ, বিশেষকৈ অসমৰ ঐক্য আৰু সংহতিৰ প্ৰতি ই ভাবুকি হৈ পৰিব।

দলটোৰ সাংসদ তথা যুটীয়া সংসদীয় সমিতিৰ সদস্য হৰি বংশেও বিধেয়কখন দেশৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে জনতা দল (সংযুক্ত)এ এইবাৰেই নহয়, পূৰ্বেও বিধেয়কখনৰ বিৰুদ্ধে দলৰ স্থিতি প্ৰকাশ কৰি আহিছে। যোৱা ১৭ মে’ত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে দলটোৰ জ্যেষ্ঠ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰিছিল। নীতিশ কুমাৰে প্ৰতিনিধি দলটোৰ আগত সৰ্বতোপ্ৰকাৰে বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা ঘোষণা কৰিছিল।

সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে বিষয়টোক লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে প্ৰতিষ্ঠিত ৰাজনৈতিক দলে সঁহাৰি জনোৱাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

আনহাতে, কিছুদিন পূৰ্বে ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদেও ৰাষ্ট্ৰীয় পৰ্যায়ত বিধেয়কখনৰ বিৰুদ্ধে জনমত গঠনৰ প্ৰচেষ্টা হাতত লৈ কেইবাটাও ৰাজনৈতিক দলৰ সৈতে কথা পাতিছিল। বিশেষকৈ সংসদত বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে তেওঁলোকৰ সংসদসকলক আহ্বান জনাইছিল।