NORTHEAST NOW (Assamese)

৩ দিনীয়া বৰ্ণাঢ্য অনুষ্ঠানেৰে টংলাত ৰঙালী বিহু উদযাপন

April 16, 2018 6:38 pm · ছাজিদ খান

দেওবাৰ অৰ্থাৎ কালিৰে পৰা টংলা নগৰত সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ দ্বাৰা ৩ দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন অনুষ্ঠান আৰম্ভ হৈছে।

এই উপলক্ষে আজি অনুষ্ঠানৰ দ্বীতিয় দিনা টংলা হাই স্কুল খেলপথাৰৰ পৰা নগৰৰখনৰ মাজেৰে এক বিভিন্ন জাতি-জনগোষ্ঠিক প্ৰতিফলিত কৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

উক্ত শোভাযাত্ৰাটো উদ্বোধন কৰে বিশিষ্ট চিকিৎসক ড০ ননী গোপাল চহৰীয়াই ।

বিহু দলসমূহৰ উপৰি আদিবাসী, ৰাভা, শৰণিয়া-কচাৰি, গোৰ্খা আদি সম্প্ৰদায়ৰ সাংস্কৃতিক দলসমূহে শোভাযাত্ৰাটোত বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ চহকি ঐতিহ্যক তুলি ধৰে।

ইয়াত শ্ৰেণী, জাতি, ধৰ্ম নিৰ্বিশেষে ডেকাৰ পৰা বৃদ্ধলৈকে নগৰখনৰ বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে।

আবেলিলৈ হুচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় য’ত ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা বিহু দলসমূহে ভাগ লয়।

কাইলৈ অনুষ্ঠানটোৰ অন্তিম দিনা এখন ৰাজ্যিক পৰ্যায়ৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে এক সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ হ’ব, গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটিয়া সচিব নৰেন চন্দ্ৰ বসুমতাৰিয়ে উক্ত সাংস্কৃতিক  অনুষ্ঠানটো উদ্বোধন কৰিব।

Related News